top of page
  • Writer's pictureHaritkona Newsletter

নৱম বৰ্ষ-প্ৰথম সংখ্যা, এপ্ৰিল,২০২৪

Ninth Year - First Edition, April, 2024



গ্ৰীষ্মৰ দিনত আমাৰ কাণৰ কাষত গান গোৱা গায়কসকল

✍️ মানস প্ৰতিম দত্ত

- স্নাতক শিক্ষক, ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় , লখিমপুৰ


কাণৰ ওচৰত গীটাৰ বজাই গৰমৰ দিনত আমাক অশান্তি দিয়া বিখ্যাত গায়কসকল বুলিলে আমি কাৰ কথা বুজিম বাৰু? হয়, ঠিকেই ধৰিছে আমি মহৰ কথাই ক'ম। গধূলি সময়ত চেঁচা বতাহৰ


সুবাস লৈ থাকোতে হাতে ভৰিয়ে কামুৰি আমাক একো একোজন নৃত্যশিল্পীলৈ ৰূপান্তৰিত কৰাৰ আঁৰৰ প্ৰাণীবিধেই মহ নহয়নে? মহৰ ইংৰাজী প্ৰতিশব্দ হ'ল Mosquito। ই স্পেনিছ ভাষাৰ শব্দ, যাৰ অৰ্থ হৈছে 'সৰু মাখি'। অন্য এক জনশ্ৰুতি মতে এই শব্দটো সংস্কৃত ভাষাৰ মাশক শব্দৰ পৰা আহিছে। মহৰ প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰি জীৱনচক্ৰ সম্পূৰ্ণ হ'বলৈ ১ৰ পৰা ৪ মাহ সময় লাগে। আচৰিত লাগিলেও এই কথা সত্য যে, প্ৰতিজনী মাইকী মহে এটা সময়ত প্ৰায় ২০০টা কণী পাৰিব পাৰে। পৃথিৱীত প্ৰায় তিনি সহস্ৰাধিক প্ৰজাতিৰ মহ পোৱাৰ তথ্য পোৱা যায় । এই প্ৰজাতিসমূহৰ ভিতৰত Aedes aegypti, Culex species, Culex tarsalis, Culex quinquefasciatus, Anopheles freeborni আদিয়ে প্ৰধান।


কিউলেক্স মহঃ

কিউলেক্স মহে সাধাৰণতে ৰাতিৰ সময়ছোৱাত ঘৰৰ ভিতৰত আৰু বাহিৰত কামোৰে। ইহঁতে চৰাইবোৰ কামুৰিবলৈ বেছি পচন্দ কৰে যদিও মানুহকো কামুৰি অশান্তি কৰাৰ লগতে পশ্চিম নীল ভাইৰাছ, পশ্চিম/পূব অশ্বাৰোহী এনকেফেলাইটিছ ৰোগ সংক্ৰমণ কৰে।ইহঁতে প্ৰদূষিত পানীৰ ঠাই আৰু কৃত্ৰিম পাত্ৰৰ পানীৰ পৃষ্ঠত কণী পাৰে।(১)


এনোফিলিছ মহঃ

বিয়লি সময়ত ঘৰৰ ভিতৰত আৰু বাহিৰত মানুহ আৰু স্তন্যপায়ী প্ৰাণীক কামুৰি ভাল পোৱা এইবিধ মহে মেলেৰিয়া ৰোগ সংক্ৰমিত কৰে পুখুৰী, জলাশয় আদিত ইহঁতে কণী পাৰে।


আইডিছ মহঃ

Aedes aegypti মহে এটা সময়ত প্ৰায় ১০০ টা কণী পাৰে। আৰু সিহঁত সোনকালে পৰিপক্ক হয়। আইডিছ মহৰ সমগ্ৰ জীৱনচক্ৰ (কণীৰ পৰা প্ৰাপ্তবয়স্ক)লৈকে মাত্ৰ ৭-১০ দিন লাগে।(২)


ইহঁতে ভয়ানক ৰোগৰ বাহক হিচাপে কাম কৰে। জিকা, চিকুণকুনিয়া, ডেংগু আদি ৰোগ এইবিধ মহৰ দ্বাৰাই সংক্ৰমিত হয়। মহে বাৰু আমাক কিয় কামোৰে? মহে নাকামোৰা হ'লে আমি দেখোন বহুতো ৰোগৰ পৰা হাত সাৰি থাকিবলৈ সক্ষম হ'লোহেঁতেন। আচলতে, মহৰ বংশবৃদ্ধিৰ বাবে, প্ৰজনন কাৰ্য সমাপনৰ বাবে স্তন্যপায়ী প্ৰাণীৰ তেজৰ প্ৰয়োজন হয়। কেৱল সেয়ে নহয়, মহবোৰক জীয়াই থাকিবলৈয়ো স্তন্যপায়ী প্ৰাণীৰ তেজৰ প্ৰয়োজন হয়। এইক্ষেত্ৰত মাইকী মহক প্ৰজনন আৰু জীৱন নিৰ্বাহ দুয়োটা ক্ষেত্ৰতে তেজৰ প্ৰয়োজন হয় বাবে মাইকী মহত বিশেষভাৱে ডিজাইন কৰা ষ্টিংগাৰ থাকে, যাৰ সহায়ত ইহঁতে মানুহ বা আন প্ৰাণীৰ শৰীৰৰ পৰা তেজ সংগ্ৰহ কৰে।

মহক লৈ বহুতো গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষা চলি আহিছে। শেহতীয়াকৈ এটা পৰীক্ষাত গম পোৱা গৈছে যে মহে মানুহৰ শৰীৰৰ আন অংশতকৈ ভৰিত বেছিকৈ আক্ৰমণ কৰে। অৰ্থাৎ ভৰিত বেছিকৈ কামোৰে। মানুহৰ ভৰি অংশটো প্ৰায়ে উন্মুক্ত হৈ থাকে বাবে মহে এই অংশত সহজে আক্ৰমণ কৰিব পাৰে। তদুপৰি মানুহৰ ভৰিত এপটাৰ মাইচেছ নামৰ এক প্ৰকাৰৰ বেক্টেৰিয়া থাকে। ইহঁতৰ বিপাকীয় ক্ৰিয়াই এক প্ৰকাৰৰ গোন্ধ উৎপন্ন কৰে। মানুহে এই গোন্ধ অনুভৱ নকৰিলেও মহে সেই গোন্ধ সহজে পায়। মহে এই বিশেষ গোন্ধটো ভাল পায়। সেইবাবেই ভৰিৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ বেছি।

মহৰ প্ৰজাতি আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ পৰিমাণৰ তেজ শোহে। কিন্তু কিছুমান মাইকী মহে খাদ্যগ্ৰহণৰ সময়ত নিজৰ সমগ্ৰ শৰীৰৰ ওজনৰ সমান তেজ খাব/শুহিব পাৰে।(৩) সেয়া হ’ব ৮০ কেজি ওজনৰ মানুহে ৰাতিৰ আহাৰত ৮০ কেজি খাদ্য খোৱাৰ দৰেই!

তেজ শুহাৰ পিছত মাইকী মহে আন্ধাৰ ঠাইৰ প্ৰতি আকৰ্ষিত হয় আৰু তেনে ঠাইত লুকাই থাকি খাদ্য হজম কৰে। গতিকে, ইহঁতে গাঢ় ৰঙৰ কাপোৰ পিন্ধা মানুহৰ শৰীৰত জিৰণি লোৱাৰ প্ৰৱণতাও থাকে।

বাস্তৱ আৰু কল্পিত বহুতো অদ্ভুত পৰিঘটনাৰ বাবে পূৰ্ণিমাৰ চন্দ্ৰক দোষাৰোপ কৰা হয়। পূৰ্ণিমাৰ চন্দ্ৰই মহৰ কাৰ্যকলাপ ৫০০ শতাংশ বৃদ্ধি কৰিব পাৰে। কাৰণ মহে নিজৰ পৰৱৰ্তী আহাৰ বিচাৰিবলৈ দৃশ্যমান ইংগিত (visual cues) ব্যৱহাৰ কৰে, যিটো পূৰ্ণিমাৰ ৰাতি খুব সহজ হৈ পৰে।

কেতিয়াবা এনেকুৱা হয় যে, মহে আপোনাক ইবাৰৰ পাছত সিবাৰ কামুৰিছে অথচ কাষত বহি থকাজনক তেনেকৈ কামোৰা নাই অথবা আপোনাৰ কাষত থকা মানুহজনক মহে কামুৰি তৎ নোহোৱা কৰিছে অথচ আপোনাক কামোৰাই নাই। আচলতে মহে আমাৰ শৰীৰৰ কিছুমান ৰসায়ন পদাৰ্থৰ প্ৰতি সহজে আকৰ্ষিত হয়। শৰীৰৰ তাপ, দুৰ্গন্ধ, মানুহ আৰু জীৱ-জন্তুৱে উশাহ লওঁতে নিৰ্গত কৰা কাৰ্বন ডাই অক্সাইড আৰু ঘামত পোৱা মৌল লেক্টিক এচিডৰ সংমিশ্ৰণৰ প্ৰতি মহ অতি সহজে আকৰ্ষিত হয়। মহে নিজৰ সংগ্ৰাহক শক্তি আৰু দৃষ্টিশক্তি ব্যৱহাৰ কৰি চিকাৰ বিচাৰি উলিয়াই আৰু ৫০ মিটাৰ (প্ৰায় ১৬৪ ফুট) দূৰৰ পৰা পৰৱৰ্তী আহাৰ প্ৰত্যক্ষ কৰিব পাৰে।(৪)

সঁচাকৈয়ে, মানুহৰ দৰেই মহৰ জীৱনো বিচিত্ৰ নহয়নে ?


তথ্যসূত্ৰঃ



উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো সংকুচিত জৈৱ গেছ প্ৰকল্প

✍️ গৌৰৱ শইকীয়া

- ইতিহাস বিষয়ক সমল লেখক


উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো সংকুচিত জৈৱ গেছ প্ৰকল্প 23 ফেব্ৰুৱাৰী ২০২৩ ত কামৰূপৰ দামোৰা পথাৰ গাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্ধোধন কৰে৷ এই প্ৰকল্পটোৰ জড়িয়তে দৈনিক ৫ টন জৈৱ গেছ জৈৱ আৱৰ্জনামূলক সামগ্ৰীৰ পৰা উৎপাদনৰ লক্ষ্য হাতত লোৱা হৈছে৷ এই বিশেষ প্ৰকল্পটো Redlemon Technologies ৰ অধীনত আৰম্ভ কৰা হৈছে৷ সংকুচিত জৈৱ গেছ (Compressed biogas) হৈছে এক নৱীকৰণযোগ্য পৰিৱেশ অনুকূল জৈৱ ইন্ধন আৰু ইয়াক প্ৰাকৃতিক গেছৰ বিকল্প হিচাপেও ব্যৱহাৰ কৰিব পাৰি৷ ইয়াক বিশেষকৈ পশুধনৰ গোবৰ, খেতিৰ অৱশিষ্ট, পৌৰ নিগমৰ ডাষ্টবিনত জমা হোৱা অলাগতিয়াল সামগ্ৰীক একত্ৰিত কৰি এক অক্সিজেন


গেছবিহীন পচন প্ৰক্ৰিয়াৰ মাধ্যমেৰে উৎপন্ন কৰা হয়৷ উৎপন্ন হোৱাৰ পিছত এক বিশেষ বৈজ্ঞানিক প্ৰক্ৰিয়াৰে পৰিশোধন কৰি ইয়াক পৰিবহন আৰু জমা কৰি ৰখাৰ ব্যৱস্থা কৰা হয়৷ উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা এই প্ৰকল্পই প্ৰধানকৈ ইয়াৰ নিকটৱৰ্তী অঞ্চলত উপলব্ধ জৈৱ আৱৰ্জনা সংগ্ৰহ কৰি ইয়াক উদ্যোগটোৰ কেচাঁ সামগ্ৰী (raw materials) হিচাপে ব্যৱহাৰ কৰি জৈৱ গেছ উৎপাদনৰ লক্ষ্য হাতত লৈছে আৰু এই জৈৱ গেছক ৰন্ধা-বঢ়া, তাপ শক্তি আৰু গাড়ী-মটৰৰ ইন্ধন হিচাপেও ব্যৱহাৰৰ পৰিকল্পনা কৰা হৈছে৷ এই প্ৰকল্পটোৱে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত কৃষিখণ্ডৰ সুবিধা হোৱাকৈ জৈৱ সাৰ উৎপাদনৰ কাৰণেও ব্যৱস্থা হাতত লৈছে৷ এই প্ৰকল্পটোৱে লক্ষণীয়ভাৱে অতি শীঘ্ৰে স্থানীয় অৰ্থনীতিৰ বিকাশত ভূমিকা লোৱাৰ লগতে, আৱৰ্জনাৰ নিষ্কাষণ, সেউজ গৃহ গেছৰ নিৰ্গমণ হ্ৰাস আৰু জৈৱ ইন্ধন শক্তিৰ প্ৰকল্প বৃদ্ধিত সহায়ক হ’ব বুলি আশা কৰিব পাৰি৷ ইয়াৰ লগতে এই প্ৰকল্পই আৱৰ্জনাৰ পৰা হোৱা স্থানীয় পৰিৱেশ প্ৰদূষণ ৰোধ কৰাতো ভূমিকা গ্ৰহণ কৰিব বুলি অসম চৰকাৰে মত প্ৰকাশ কৰিছে৷


সম্পাদকীয়


এখন প্ৰদূষিত মহানগৰ আৰু আমাৰ ভৱিষ্যত ... আজি কিছুদিনৰ আগতে আমাৰ আপোন মহানগৰখন বিশ্বৰ আটাইতকৈ দ্বিতীয় প্ৰদূষিত মহানগৰ বুলি বাতৰিৰ শিৰোনাম দখল কৰিলে ৷ সময় বাগৰি গৈ থাকিব আৰু ই আমাৰ পাহৰণিৰ গৰ্ভত সোমাই পৰিব ৷ কোনে চিন্তা কৰিব আমাৰ ভৱিষ্যত প্ৰজন্মটোৰ কাৰণে ? ১৯৯২ চনত চেভাৰ্ন ছুজুকিয়ে ৰিঅ’ দি জেনেৰিঅ’ত ৰাষ্ট্ৰ সংঘৰ মজিয়াত উত্থাপিত কৰা প্ৰশ্নবোৰৰ উত্তৰ আজি আমাৰ ওচৰত আছেনে ? আই কিউ এয়াৰৰ “ ৱৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট ২০২৩ ” এ আকৌ এবাৰ আমাক ভাবিবলৈ বাধ্য কৰাইছে যে আমি কেনেকৈ বৰ্ধিত প্ৰদূষণৰ মাত্ৰা কমাই ভৱিষ্যতৰ প্ৰজন্মৰ বাবে এখন বাসোপযোগী পৃথিৱী ৰাখি যাব পাৰোঁ ৷ আজি


আপোনালোকক জনাব বিচাৰিছো কলম্বিয়াৰ দ্বিতীয় বৃহৎ মহানগৰ মেদেলিনৰ উষ্ণতা হ্ৰাস আৰু বায়ুৰ গুণাগুণ ( Air Quality ) সঠিক কৰিবলৈ গ্ৰহণ কৰা বহনক্ষম ব্যৱস্থাপনাৰ বিষয়ে ৷ ২০১৬ চনত মেদেলিনৰ বিভিন্ন অংশত সেউজ বাট ( Green Corridor ) তৈয়াৰ আৰম্ভ কৰা হয় আৰু বৰ্তমান ইয়াৰ সংখ্যা ত্ৰিশৰ অধিক ৷ এই ক’ৰিডৰ সমূহত ৮,৮০,০০০ নতুন গছ অন্তৰভুক্ত হৈছে তথা কংক্ৰিটৰ বেৰত ৫০০০ বৰ্গমিটাৰৰ উলম্ব বাগিচা ( Vertical Garden ) সৃষ্টি কৰা হৈছে ৷ এই সমগ্ৰ ব্যৱস্থাপনাটোৱে মহানগৰ খনত এটা সেউজ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ তথ্যমতে উক্ত সেউজ ক’ৰিডৰ সমূহত উষ্ণতা তাৰ কাষৰীয়া এলেকা সমূহতকৈ ৪.৫° কম আৰু সমগ্ৰ মহানগৰ খনৰ উষ্ণতা পূৰ্বতকৈ ২° কমি আহিছে ৷ এই পৰিৱেশটোৱে পৰৱৰ্তী এশ বছৰত অঞ্চলটোৰ ২.৩ মিলিয়ন টন কাৰ্বন-ডাই-অক্সাইড নাইকিয়া কৰিব বুলি আশা কৰা হৈছে । এনেধৰণৰ আৰ্হি সমূহ আমাৰ বৰ্ধিত নগৰীকৰণৰ বাবে এক বিশেষ অনুসৰণ হ’ব পাৰে ৷



অসমৰ কৃষিগত বৈচিত্ৰ আৰু থলুৱা শস্য সংৰক্ষণৰ আৱশ্যকতা

✍️ মানস জ্যোতি বৰা

- কৃষি উন্নয়ন বিষয়া, কৃষি বিভাগ, অসম


বৈচিত্ৰ প্ৰকৃতিৰ আধাৰ। কৃষিজাত বৈচিত্ৰই বহু প্ৰতিকূল পৰিৱেশৰ বিৰুদ্ধে স্থিতপ্ৰজ্ঞতা, স্বভাৱ সুলভ অভিযোজন যোগ্যতা আৰু বহু সাংস্কৃতিক ঐতিহ্যৰ বাহক ৰূপে যুগ যুগ ধৰি মানৱ সভ্যতাক বৰ্তাই ৰাখিছে। অসমৰ কৃষি খণ্ডৰ বৈচিত্ৰয়ো ঐতিহাসিক কালৰে পৰা এই অঞ্চলত বাস কৰা বিভিন্ন জাতি উপজাতি সমূহৰ ঐতিহ্য বহন কৰি আহিছে। শস্য-শ্যামলা পথাৰ; সুগন্ধি জহা, আমপাখি, তৰাৱলী আদি ধানেৰে ভৰি থকা গাঁৱৰ মেটমৰা ভঁৰালবোৰ, বুৰঞ্জীৰ পাতত লিপিবদ্ধ মোমাই তামুলীৰ তামোল-পাণ, ফল-ফুলেৰে ভৰি থকা পৰিকল্পিত বাৰীখন, বনৌষধিৰে পৰিপূৰ্ণ ঘৰৰ চৌহদ আদিয়ে অসমৰ কৃষি সম্ভ্ৰান্ত তথা কৃষিজাত বৈচিত্ৰৰ আধাৰ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ ৰীতি-নীতি আৰু পৰম্পৰাই থলুৱা কৃষি জৈৱ-বৈচিত্রৰ সংৰক্ষণ প্রক্রিয়াত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে অৰিহণা যোগাই আহিছে। কিন্তু পৰিৱৰ্তিত পৰিৱেশ, অৰ্থনৈতিক চাপ, জনসংখ্যা বৃদ্ধি, বানপানী, গৰাখহনীয়া আদিৰ বাবে ক্রমান্বয়ে কমি অহা খেতিৰ মাটি, সৰু হৈ অহা বাৰীবোৰ, সলনি হ’ব ধৰা খাদ্য ৰুচিৰ লগতে সচেতনতাৰ অভাৱৰ বাবে বহুতো থলুৱা শস্যৰ জাত বিলুপ্ত হোৱাৰ উপক্রম হৈছে। কিন্তু আচলতে আধুনিক অধিক উৎপাদনক্ষম জাতবোৰৰ উদ্ভাৱনৰ মূল আধাৰ হ’ল থলুৱা শস্যবোৰত থকা ভাল গুণবোৰ। ক্রমবিৱর্তনৰ ফলত ৰাজ্যখনৰ পৰিৱেশৰ সৈতে খাপ খাই উঠা এই থলুৱা জাতবোৰৰ ৰোগ-কীট আদিৰ আক্রমণ প্রতিৰোধ কৰাৰ ক্ষমতা, ভিন্ন স্বাদ, ঔষধি গুণ ইত্যাদি আছে। এনেবোৰ কাৰণত আমি সকলোৱে আমাৰ চিনাকি-অচিনাকি থলুৱা শস্যৰ জাতবোৰৰ সংৰক্ষণত গুৰুত্ব প্রদান কৰাটো অতি আৱশ্যকীয়।


থলুৱা ধানৰ সংৰক্ষণ:

খ্রীষ্টপূর্ব প্রায় তিনি হাজাৰ বছৰৰ আগতেই অসমত ধানখেতিৰ আৰম্ভ কৰা হৈছিল। বনৰীয়া ধানৰ হাজাৰ বছৰৰ স্বাভাৱিক ক্রমবিৱর্তন আৰু সংমিশ্রণৰ লগতে কৃষকৰ পৰম্পৰাগত জাত নির্বাচন প্রক্রিয়াই ধানৰ জৈৱ-বৈচিত্রৰ ভঁৰাল চহকী কৰিছিল। জহাৰ দৰে সুগন্ধি মিহি চাউল, ৰোগ-কীটৰ আক্রমণ প্রতিৰোধ কৰিব পৰা কিম্বা খৰাং অথবা দুই-তিনি মিটাৰ পর্যন্ত বাঢ়নী পানীৰ লগত যুঁজ দিবলৈ সক্ষম হোৱা অসমৰ থলুৱা জাতবোৰ, উন্নত জাত উদ্ভাৱনৰ বাবে অতি প্রয়োজনীয় সমল।


বান আক্রান্ত অঞ্চলত কৰিব পৰা ‘জাহিংগা’, ‘শ'লপোনা’ৰ দৰে জাত কৃষকৰ বাবে সংৰক্ষণ কৰাটো কিমান প্রয়োজনীয় সেয়া সহজেই অনুমেয় । প্ৰতিজন কৃষকে অঞ্চলভেদে কমকৈ হলেও বিভিন্ন জাতৰ খেতি কৰি থাকিলে সামগ্রিকভাবে ৰাজ্যখনত বহু জাত সংৰক্ষিত হৈ থাকিব। ইতিমধ্যে অসমৰ বহু কৃষকে ব্যক্তিগত ভাৱে আৰু বহু সামাজিক প্ৰতিষ্ঠানে ধানৰ এই জাত সমূহ সংৰক্ষণৰ দিশত মনোনিবেশ কৰিছে। তাৰ ভিতৰত কটকৰ কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান আৰু ফিলিপাইনচৰ আন্ত: ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানে আৰম্ভ কৰা 'Assam Rice Collection' প্ৰণিধানযোগ্য।


থলুৱা ফল-ফুল আৰু শাক-পাচলি:

অসম তথা অন্য দেশ সমূহৰ উপক্রান্তীয় বৃষ্টি প্রচুৰ অৰণ্য অঞ্চল সমূহে পৃথিৱীৰ পৰিৱেশক প্রভাৱিত কৰাৰ উপৰিও বিভিন্ন প্ৰজাতিৰ বনৰীয়া ফল, বন্য প্রাণী, ঔষধ আদিৰ যোগান ধৰে। অতীজতে মানুহে অৰণ্যত উপলব্ধ হোৱা এনেবোৰ বনৰীয়া ফল সংগ্রহ কৰি ঘৰত ৰোপন কৰিছিল। অসম এনে থলুৱা ফলমূল, শাক-পাচলিৰ বৈচিত্ৰৰ দিশত অতি চহকী। অসমৰ থলুৱা ফল বুলি ক'ব পৰা লেতেকু, পনিয়ল, কুঁজি-থেকেৰা, ৰূপহী থেকেৰা, মিৰিকা টেঙা ইত্যাদিৰ পুষ্টি আৰু ঔষধি গুণ যথেষ্ট বেছি। লেতেকু, পনিয়ল, শিলিখা আদিত আইৰণৰ পৰিমাণ অধিক। ভিটামিন ‘চি’ৰ পৰিমাণ বেছি থাকিলে আইৰণ শোষণত সুবিধা হয়। শিলিখা জাতীয় ফলত খাদ্যপ্রাণ অধিক থাকে বাবে এনে ফলবোৰ বৰ লাগতিয়াল। কোনো বিশেষ যত্ন নোলোৱাকৈ এনেবোৰ ফলৰপৰা অনেক পোষক দ্রব্য, এমিন’ এছিড, আৰু ভিটামিন ‘চি’ পাব পাৰি। অসমৰ খাদ্য বিশেষজ্ঞ সকলে এনেবোৰ ফলৰ পৰা চাহিদা থকা উচ্চমানদণ্ডৰ আচাৰ, জেলি ইত্যাদি প্রস্তুত কৰিব পাৰি বুলি মত পোষণ কৰিছে। উপার্জন ভাল হ'লে যিকোনো খেতি কৰিবলৈ কৃষকসকল আগ্রহী হ'ব।। তামোল-পাণ, নাৰিকল, কলখেতিৰ বাবে আমি চিন্তা কৰিবলগা নহয়। কাৰণ এনেবোৰ ফলৰ এখন ভাল বজাৰ আছে, যাৰ বাবে এইবোৰ যথাযথ ভাবে সংৰক্ষণ হৈ আছে। সেয়ে থলুৱা ফলৰ সংৰক্ষণৰ বাবে ভাল বজাৰ গঢ়ি তোলাৰ বাবে যত্নপৰ হোৱা উচিত। এটা সময়ত এনে বজাৰবোৰ সংৰক্ষণৰ মূল আধাৰ হৈ পৰিব।

সময় গতিশীল। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আমাৰ স্বাভিমানৰ ধ্বজা বহন কৰা এই থলুৱা শস্যৰ জাত সমূহ যদি আমি সময় থাকোঁতেই সংৰক্ষণৰ ব্যৱস্থা নকৰোঁ অনাগত প্ৰজন্ম এই সম্পদ সমূহৰ পৰা বঞ্চিত হ'ব। উপযুক্ত বজাৰ প্ৰদান তথা প্ৰয়োজনীয় সংসাধন প্ৰক্ৰিয়াৰ জৰিয়তে দূৰদৰ্শিতাৰে সময়ৰ সৈতে খোজ মিলাই আগুৱাই গ'লে অসমীয়া সমাজ জীৱনৰ অবিচ্ছেদ্য অংশ স্বৰূপ এই কৃষিজাত সম্পদ সমূহ সংৰক্ষণ কৰাটো নিশ্চয় বৰ বেছি জটিল নহ'ব।



আপুনি জানেনে ?

মহিলা সকলে ঋতুস্ৰাৱৰ সময়ত ব্যৱহাৰ কৰা পেড ( Menstrual Pad ) বেঞ্জামিন ফ্ৰেংকলিনে আঘাতপ্ৰাপ্ত সৈনিক সকলৰ ৰক্তক্ষৰণ ৰোধ কৰিবৰ বাবে উদ্ভাৱন কৰা এক পদ্ধতিৰ পৰা অনুপ্ৰাণিত হোৱা ৷ ব্যৱসায়িকভিত্তিক ১৮৮০ চনৰ পৰা ই উপলব্ধ হবলৈ আৰম্ভ কৰিছিল I




 

সম্পাদনা সমিতি


তুষাৰ ৰঞ্জন কাশ্যপ , সবুজ শইকীয়া , বিতোপন দাস, ৰক্তিম বৰুৱা, জগত জ্যোতি বৰুৱা, ধীৰাজ শইকীয়া, গৌৰৱ শইকীয়া, অৰিন্দম খনিকৰ, ধ্ৰুবজ্যোতি কাকতি, ইমৰান হুছেইন , মানস প্ৰতিম দত্ত, নিহাল গগৈ

 

সম্পাদক


ধ্ৰুবজ্যোতি কাকতি

 



© Haritkona II হৰিৎকণা

147 views0 comments
bottom of page