top of page
  • Writer's pictureHaritkona Newsletter


শ্ৰদ্ধাঞ্জলি



জনসাধাৰণৰ মাজত বিজ্ঞানৰ প্ৰচাৰৰ বাবে কাম কৰা জনপ্ৰিয় বিজ্ঞান কৰ্মী , সংগঠক তথা যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ তত্বাৱধায়ক ড° প্ৰণৱজ্যোতি চেতিয়াই ১০ আগষ্ট , ২০২৩ তাৰিখে আমাৰ মাজৰ পৰা বিদায় মাগে । তেখেতলৈ হৰিৎকণাৰ পৰিয়ালৰ পৰা শ্ৰদ্ধাঞ্জলি আৰু সেৱা জনালোঁ ৷ তেখেতে দেখুৱাই যোৱা বাটেৰে নতুন প্ৰজন্ম আগুৱাই যাওক আমি তাৰেই আশা কৰিলোঁ ..........


অষ্টম বৰ্ষ-চতুৰ্থ সংখ্যা, আগষ্ট,২০২৩

Eighth Year - Fourth Edition, August, 2023



বিখ্যাত আমেৰিকান যুদ্ধ টেংক M4 SHERMAN

✍️ গৌৰৱ শইকীয়া

- অতিথি প্ৰৱক্তা ,ইতিহাস বিভাগ , যোৰহাট মহাবিদ্যালয়


বিংশ শতিকাৰ সময়ছোৱাত সংঘটিত হোৱা বিভিন্ন যুদ্ধসমূহত ইয়াৰ ফলাফল আগতীয়াকৈ নিৰ্ধাৰণ কৰিছিল যুদ্ধত ব্যৱহৃত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰসমূহে ৷ এইক্ষেত্ৰত গৰিষ্ঠসংখ্যক অস্ত্ৰশস্ত্ৰৰ ব্যৱহাৰ হৈছিল ক্ৰমে প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধত৷ দুইখন যুদ্ধত ব্যৱহৃত বিভিন্ন অস্ত্ৰ-শস্ত্ৰ সমূহৰ ভিতৰত প্ৰধানকৈ উল্লেখযোগ্য আছিল টেংক আৰু ইউ-ব’ট বা চাৱমেৰিন ৷ দুইখন যুদ্ধতে আধুনিক তথা উচ্চ মানদণ্ডৰ অস্ত্ৰশস্ত্ৰৰ ব্যৱহাৰ আৰু উৎপাদনৰ ক্ষেত্ৰত সকলোতকৈ আগবাঢ়ি থকা দেশ দুখন আছিল আমেৰিকা আৰু জাৰ্মানী৷ জাৰ্মানীয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অস্ত্ৰাগাৰৰ বৃদ্ধি ঘটাইছিল আক্ৰমণ আৰু নিজৰ প্ৰতিৰক্ষাৰ হেতু আৰু অন্যহাতে আমেৰিকাই অস্ত্ৰ-শস্ত্ৰৰ উৎপাদন বঢ়াইছিল নিজৰ ব্যৱসায়িক স্বাৰ্থত যাতে বৰ্দ্ধিত অংশ যুদ্ধৰত দেশসমূহক বিক্ৰী কৰি বাণিজ্যিক মুনাফা আহৰণ কৰিব পাৰে ৷

সি যি কি নহওক পোনপ্ৰথমে ইংলেণ্ডে প্ৰথম বিশ্বযুদ্ধত টেংকৰ ব্যৱহাৰ কৰি যুদ্ধক্ষেত্ৰত শত্ৰুপক্ষৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু জাৰ্মানীয়ে ইউ-বট চাবমেৰিণৰ যোগেদি সাগৰীয় যুদ্ধত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছিল ৷ দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকাই ব্যৱহাৰ কৰা মূল টেংকখন আছিল M4 Sherman৷ ১৯৪২ ৰ পৰা ১৯৪৫ চনৰ সময়ছোৱাত আমেৰিকাই সৰ্ব্বমুঠ ৫০,০০০ Sherman টেংক নিৰ্মাণ কৰিছিল আৰু উক্ত টেংকসমূহ যুদ্ধক্ষেত্ৰত আমেৰিকাৰ উপৰিও ইংলেণ্ড, ফ্ৰান্স, চীন আৰু ৰাছিয়াইয়ো ব্যৱহাৰ কৰিছিল ৷ এই টেংকখনৰ বিকাশ ঘটোৱা হৈছিল পূৰ্বৰ M3 চিৰিজৰ Grant/Lee টেংকসমূহক স্থানান্তৰ কৰিবলৈ ৷ প্ৰথমখন Sherman টেংক ১৯৪২ চনত নিৰ্মাণ কৰি ১৯৪৩ চনত উত্তৰ আফ্ৰিকাৰ যুদ্ধক্ষেত্ৰত নমোৱা হৈছিল ৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত উক্ত আমেৰিকান Sherman টেংকে জাৰ্মান নাজী বাহিনীৰ MK ll আৰু MK lV পেনজাৰ চিৰিজৰ টেংকসমূহৰ বিপক্ষে নিজকে প্ৰভাৱশালী হিচাপে প্ৰমাণিত কৰিছিল; কিন্তু পিছলৈ নাজী বাহিনীৰ টাইগাৰ, পেন্থাৰ আৰু কিং টাইগাৰ চিৰিজৰ টেংকসমূহ অধিক শক্তিশালীভাৱে নিৰ্মাণ কৰাত

আমেৰিকান Sherman টেংকৰ গোলা সমূহে উক্ত টেংকসমূহৰ লোহাৰ বেষ্টনী ভেদ কৰাত অক্ষম হৈছিল আৰু নতুন উচ্চ ক্ষমতাসম্পন্ন জাৰ্মান টেংকসমূহে Sherman টেংকসমূহক সমুখ সমৰত হোৱা যুদ্ধত সহজে হৰুৱাব পাৰিছিল ৷ ( অৱশ্যে পিছলৈ ৰাছিয়াৰ T34 চিৰিজৰ টেংকসমূহে উক্ত জাৰ্মান নতুন চিৰিজৰ টেংকসমূহক সমানে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল ) ৷ নতুন চিৰিজৰ জাৰ্মান টেংকসমূহৰ গোলা (shell) সমূহৰ আঘাট কৰাৰ তীব্ৰতা ইমানেই বেছি আছিল যে এটা গোলায়ে এখন আমেৰিকান Sherman টেংকক সম্পূৰ্ণৰূপে ধ্বংস কৰিব পাৰিছিল আৰু টাৰ্গেটত আঘাত কৰাৰ পিছত বিস্ফোৰিত গোলাৰ জুই সমগ্ৰ টেংকখনৰ বাহিৰৰ লোহাৰৰ আবেষ্টনীয়ে বাধা দি ৰাখিব নোৱাৰাৰ ফলত ই টেংকখনৰ ভিতৰলৈকে বিয়পি আভ্যন্তৰীণ অংশত থকা ড্ৰাইভাৰ, কেপ্তেইন, কামাণ্ডাৰ, গানাৰ (gunner) আদিৰ মৃত্যু ঘটাইছিল যাৰ কাৰণে পিছলৈ এই টেংকখনক “RONSONS” নামেৰেও জনা গৈছিল ৷ বৰ্তমান এই চিৰিজৰ বেছিভাগ টেংককে নেদাৰলেণ্ডৰ "DUTCH NATIONAL MILITARY MUSEUM" ত সংৰক্ষণ কৰি ৰখা হৈছে ৷



অ’ মোৰ ধৰিত্ৰী আই

✍️ মানস প্ৰতিম দত্ত

- স্নাতক শিক্ষক, ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় , লখিমপুৰ


ক’ৰোণা মহামাৰীৰ ভয়াৱহতাই আমাক শিকাইছে পৃথিৱীৰ প্ৰতি আমি কিয়, কেনেকৈ দায়বদ্ধ হোৱা উচিত৷ তাৰ লগতে কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত অনন্য ৰেকৰ্ড গঢ়িবলৈ আগবঢ়া মানৱ সমাজক সোঁৱৰাই দিছে অক্সিজেনৰ গুৰুত্ব ৷ অক্সিজেনৰ অভাৱৰ বেলিকা আমাৰ মনলৈ আহিছে গছৰ কথা৷ বিশুদ্ধ অক্সিজেনৰ ভাণ্ডাৰ বন-বননিৰ কথা ৷ নিৰ্বনানীকৰণৰ ভয়াৱহতাই কেনেকৈ তিলতিলকৈ আমাক তুলাধনা কৰিবলৈ আগবাঢ়িছে তাকেই বুজাইছে প্ৰকৃতিয়ে, ধৰিত্ৰীয়ে ৷ মানুহ ধৰিত্ৰীৰ সন্তান৷ সেয়েহে ড॰ ভূপেন হাজৰিকাই কৃষক আৰু মানুহৰ সম্পৰ্কৰ কথাৰে লিখিছিল–

অ’ মোৰ ধৰিত্ৰী আই

চৰণতে দিবা ঠাই

খেতিয়কৰ নিস্তাৰ নাই

মাটি বিনে অসহায়

দয়া কৰা দয়াশীলা আই ৷


ধৰিত্ৰী দিৱসৰ আঁৰৰ কথা -

২২ এপ্ৰিল৷

বিশ্ব ধৰিত্ৰী দিৱস৷ ভূপেন হাজৰিকাই গীতৰ জৰিয়তে ধৰিত্ৰীৰ প্ৰতি, সংৰক্ষণ চেতনাৰ প্ৰতি চিন্তাৰ বীজ ৰোপনৰ চেষ্টা কৰিছিল ৷ এই চিন্তাৰ আঁৰৰ বীজৰ কঠিয়া সিঁচা হৈছিল ১৯৬৯ চনত ৷

ধৰিত্ৰী দিৱস ভিয়েটনাম যুদ্ধৰ প্ৰতিবাদকাৰীসকলৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল ৷ উইচক’নচিনৰ চিনেটৰ গেলৰ্ড নেলছনে ভিয়েটনাম যুদ্ধৰ প্ৰতিবাদ কৰা লোকসকলৰ প্ৰতিবাদত কীটনাশক আৰু মাৰাত্মক স্ম'গৰ দৰে দূষিত পদাৰ্থৰ জৰিয়তে পৃথিৱীৰ ক্ষতি হোৱাৰ বিষয়ে চৰকাৰৰ ওপৰত কোনো চাপ প্ৰয়োগ নকৰাৰ কথাটো লক্ষ্য কৰে ৷ ৰাজনৈতিক ক্ষেত্ৰত পাৰিপাৰ্শ্বিক সমস্যাবোৰ সমাধান নকৰা বাবে চিনেটৰ নেলছন চিন্তিত হৈ পৰে ৷ তেওঁ ভিয়েটনাম যুদ্ধৰ প্ৰতিবাদকাৰীসকলৰ দ্বাৰাই অনুপ্ৰাণিত হৈ পৰিৱেশৰ সংৰক্ষণৰ ধাৰণাৰ প্ৰসাৰৰ সৈতে জড়িত হয় আৰু সজাগতা বৃদ্ধিৰ বাবে দেশজুৰি তৃণমূল পৰ্যায়ত সজাগতামূলক অনুষ্ঠান আয়োজন কৰে ৷ ১৯৬০ চনৰে পৰা চিনেটৰ নেলচনে পৰিৱেশ সুচলাৱস্থা আৰু চৰকাৰী সুৰক্ষাৰ অভাৱৰ প্ৰতি ক্ৰমান্বয়ে চিন্তিত হৈ পৰিছিল ৷ সেই সময়ত কাৰখানা এটাই তেওঁলোকৰ দ্বাৰা উৎপাদিত বিষাক্ত আৱৰ্জনা স্থানীয় নদীত পেলাব পাৰে আৰু ইয়াত

কোনো নিষেধাজ্ঞাৰ কথা নাছিল ৷ ক্লিভলেণ্ডৰ কুয়াহোগা নদীত জুই আৰু চাণ্টা বাৰ্বাৰাত বৃহৎ তেল নিৰ্গমনকে ধৰি কেইবাটাও পৰিৱেশ বিপৰ্যয়ৰ পিছত নেলচনে প্ৰদূষণ আৰু পৰিৱেশ সুৰক্ষাৰ বিষয়টোক ৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টিগোচৰ কৰিবলৈ পুনৰ চেষ্টা কৰে ৷ তেওঁক এইক্ষেত্ৰত সহায় কৰে আইনৰ ছাত্ৰ ডেনিছ হেইছে ৷ ১৯৭০ চনৰ ২২ এপ্ৰিলত প্ৰথম ধৰিত্ৰী দিৱস পালন কৰা হয় ৷ সমগ্ৰ দেশতে প্ৰায় ২ কোটি আমেৰিকান লোকে ধৰিত্ৰী দিৱস উপলক্ষে আয়োজন কৰা বক্তৃতা, কনচাৰ্ট আৰু ৰেলীত অংশগ্ৰহণ কৰিছিল ৷ ফলত সেই বছৰতে পৰিৱেশ সুৰক্ষা সংস্থা স্থাপন কৰা হয় আৰু বিশুদ্ধ বায়ু, বিশুদ্ধ পানী আৰু বিপন্ন প্ৰজাতিৰ হকে আইন গৃহীত কৰা হয় ৷ তাৰ পিছৰে পৰা প্ৰতি বছৰে ২২ এপ্ৰিলত পৃথিৱী দিৱস পালন কৰা হয় ৷

ধৰিত্ৰী দিৱস হিচাপে উদযাপনৰ বাবে ২২ এপ্ৰিলৰ দিনটোক চিনেটৰ নেলছন আৰু ডেনিছ হেইছে ইচ্ছাকৃতভাৱে বাছনি কৰিছিল ৷ তেওঁলোকে মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক অধিক আকৰ্ষিত কৰাৰ বাবে ২২ এপ্ৰিলক কৌশলগতভাৱে বাছনি কৰিছিল কাৰণ ২২ তাৰিখটো বসন্তৰ বিৰতি আৰু চূড়ান্ত পৰীক্ষাৰ মাজত পৰিছিল ৷


আমি কেনেকৈ উদযাপন কৰিম -

কেৱল এটা দিন উদযাপন কৰা মানেই পৰিৱেশৰ প্ৰতি দায়বদ্ধ হোৱা নুবুজায় ৷ কিন্তু এটা দিনৰ উদযাপনে দহ জনক ইয়াৰ গুৰুত্ব উপলব্ধি কৰাব পাৰে৷ গতিকে আমি নিজাববীয়াকৈ নিজৰ ঠাইডোখৰ, ঘৰখনৰ পৰিৱেশৰ প্ৰতি দায়বদ্ধ হ’বলৈ প্ৰতিশ্ৰুতিবদ্ধ হ’ব লাগিব ৷ কেৱল গছ পুলি ৰোপন কৰা মানেই পৰিৱেশ সংৰক্ষণ কৰা নহয় ৷ গছপুলি ৰোপন কৰিবই লাগিব, কিন্তু তাৰ লগতে আমাৰ গাঁৱৰ, ঘৰখনৰ চৌপাশৰ সৰু-বৰ চৰাই-চিৰিকতিবোৰো সুৰক্ষিত কৰিব লাগিব ৷ কেটেপা লৈ কোনোবাই মাৰিবলৈ গ’লে তেওঁলোকক আমিয়েই বুজাব লাগিব৷ বিজ্ঞানৰ কথাবোৰ কেৱল তাত্বিকভাৱে নহয় ব্যৱহাৰিকভাৱে আমি শিকিব লাগিব ৷ উদ্ভিদ, চৰাই-চিৰিকতি, অৰ্কিডসমূহ শিক্ষক, অভিজ্ঞ জনৰ সহায় লৈ চিনাক্ত কৰিবলৈ শিকিব লাগিব ৷

সহনশীলা, দয়াশীলা আই ধৰিত্ৰীক সুৰক্ষিত কৰি, সেউজীয়া কৰি ৰাখিবলৈ আমি দায়বদ্ধ হ’বই লাগিব৷ নহ’লে আমাৰ কণমান পৰিসৰৰ জীৱনটো আৰু টুটি আহিব ৷ এয়া সমাধান হ’ব পাৰে কেৱল আমাৰ দায়বদ্ধতাৰেহে...৷


সম্পাদকীয়


✍️ গৱেষণাগাৰৰ সহায়কৰ পৰা ২২,০৭০ কোটিৰ আয়লৈ ....... মানুহজনৰ নাম কৰ্ষণভাই পেটেল । তেখেতৰ নাম হয়টো বহুতে শুনিছে , আৰু বহুতে শুনা নাই । কিন্তু কাপোৰ ধোৱাৰ বাবে ব্যৱহাৰ কৰা নিৰমা পাউদাৰৰ বিষয়ে নজনা মানুহ নাই । হয় , আমি সকলোৱে ব্যৱহাৰ কৰা নিৰমা পাউদাৰৰ উদ্ভাৱক জনেই হল কৰ্ষণভাই পেটেল ৷ ১৯৬৯ চনত চাকৰি ত্যাগ কৰি তেওঁৰ সপোনৰ প্ৰকল্পৰ ওপৰত কাম কৰিবলৈ লয় আৰু ডিটাৰজেন্ট পাউদাৰ ঘৰতে বনাই মানুহৰে ঘৰে ঘৰে বিক্ৰী কৰিবলৈ আৰম্ভ কৰে ৷ তেখেতৰ জীয়ৰী নিৰুপমাৰ মৃত্যুৰ পিছত সেই পাউদাৰৰ নাম ৰাখে নিৰমা ৷ সেই সময়ত বজাৰ দখল কৰি থকা হিন্দুস্তান ইউনিলিভাৰ কোম্পানীৰ ‘ ছাৰ্ফ ’ ৰ এটা পেকেটৰ মূল্য ১০-১৫ টকাৰ ভিতৰত আছিল আৰু নিৰমাৰ মূল্য কৰ্ষণভাইয়ে ৰাখিছিল ৩ টকা ৷ তেখেতে মানুহৰ ঘৰে ঘৰে গৈ বিক্ৰী কৰা পেকেটবোৰক লৈ সন্তুষ্ট নহলে মূল্য গ্ৰাহকক ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ সেই সময়ত সমগ্ৰ আহমেদাবাদত আটাইতকৈ কম মূল্যত লাভ কৰা ডিটাৰজেন্ট পাউদাৰ আছিল নিৰমা । এনেদৰে কম সময়ৰ ভিতৰতে গুণসম্পন্ন ডিটাৰজেন্ট বিক্ৰী আৰু বজাৰত কৌশল প্ৰয়োগ কৰি যথেষ্ট সংখ্যক গ্ৰাহকক সন্তুষ্ট কৰিছিল। ২০১০ চনত এইজনা প্ৰসিদ্ধ ব্যৱসায়ী পদ্মশ্ৰী সন্মানেৰে সন্মানিত হয় ৷ বৰ্তমান তেখেতৰ মুঠ আয় প্ৰায় ২২,০৭০ কোটি টকা ।



জৈৱ-শক্তিশালী শস্য (Biofortified Crops)

✍️ ৰক্তিম বৰুৱা

- বিষয় বস্তু বিশেষজ্ঞ , উদ্যান শস্য বিভাগ , কৃষি বিজ্ঞান কেন্দ্ৰ , বাক্সা


বায়’ফৰ্টিফাইড শস্য হ’ল এনে খাদ্য শস্য যিবোৰ বায়’ফৰ্টিফিকেশনৰ জৰিয়তে পুষ্টি বৃদ্ধি কৰা হয়।

বায়’ফ’ৰ্টিফিকেশন হৈছে এক কৃষি কৌশল যাৰ লক্ষ্য হৈছে চাউল, ঘেঁহু, কুঁহিয়াৰ, শাক-পাচলি আদি প্ৰধান খাদ্যত জিংক, আইৰণ, ভিটামিন - এ আদি নিৰ্বাচিত অণুপুষ্টিকৰ পদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰা। এই শস্যবোৰত কিছুমান বিশেষ অত্যাৱশ্যকীয় পুষ্টিকৰ পদাৰ্থৰে শক্তিশালী কৰা হয় যাৰ ফলত শস্যৰ পুষ্টি বৃদ্ধি পায়। নব্বৈৰ দশকত বায়’ফৰ্টিফিকেশনৰ আৰম্ভণি হৈছিল। বায়’ফৰ্টিফিকেশনৰ আটাইতকৈ উল্লেখযোগ্য উদাহৰণ হ’ল গোল্ডেন ৰাইচ(Golden rice)। শৈশৱৰ অন্ধতাৰ প্ৰধান কাৰণ ভিটামিন-এ ৰ অভাৱৰ বিৰুদ্ধে যুঁজিবলৈ জাৰ্মান উদ্ভিদ বিজ্ঞানী

ইংগো পট্ৰিকাছ আৰু পিটাৰ বেয়াৰে ইয়াক প্ৰস্তুত কৰিছিল। বৰ্তমান সময়ত ব্যক্তিগত আৰু চৰকাৰী উভয় সংস্থাই শাক-পাচলি (ফুলকবি, মিঠা আলু, বিলাহী ইত্যাদি) আৰু ফলমূলৰ শস্য (কল) আদিক জৈৱ-শক্তিশালী শস্য হিচাপে বিকাশ ঘটাইছে। জৈৱিক কাৰ্য্য সম্পাদন কৰিবলৈ মানুহৰ শৰীৰত নিৰ্দিষ্ট পৰিমাণৰ গুৰুপুষ্টি দ্ৰব্য আৰু সুক্ষ্মপুষ্টি দ্ৰব্যৰ প্ৰয়োজন । এই সমূহৰ অভাৱত মানুহ পুষ্টিহীনতাত ভোগে। গৰ্ভৱতী মহিলা আৰু শিশুৰ বেছিভাগেই ভিটামিন-এ, আইৰণ, আয়’ডিন, জিংক আদি অণুপুষ্টিকৰ অভাৱত ভোগে। সেয়েহে ধান, আলু, ঘেঁহুৰ দৰে মূল শস্যৰ বায়’ফৰ্টিফিকেশনৰ জৰিয়তে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ মাজত বেছিভাগেই অনুভৱ কৰা পুষ্টিহীনতাসমূহ মোকাবিলা কৰাত সহায় কৰিব পাৰে। অসমৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহে বায়’ফৰ্টিফাইড শস্যৰ জনপ্ৰিয়তাৰ বাবে বহু পৰীক্ষন কাৰ্যসূচী গ্ৰহণ কৰিছে আহিছে । (ফট’ত ওপৰৰ পৰা ক্ৰমে বায়’ফৰ্টিফাইড ফুলকবি আৰু মিঠা আলু জাত )



হাঙৰ (Shark): ধাৰণা বনাম বাস্তৱ

✍️ ইমৰান হুছেইন

- এফ.ডি.অ’. , অসম মীন বিভাগ


বি.দ্ৰ.: চাৰ্ক অৰ্থাৎ হাঙৰ সামুদ্ৰিক জগতৰ অন্যতম অবিচ্ছেদ্য প্ৰাণী; 'মানুহ খোৱা দানৱ' আকাৰে অভিহিত কৰা এই চাৰ্ক বোৰৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বিষয়ে অধ্যয়ন তথা আলোচনা দুয়োটাই অত্যন্ত জৰুৰী।


ধাৰণা: সকলো চাৰ্কেই বিপদসংকুল

বাস্তৱ: বেছিভাগ চাৰ্কে বনৰীয়া মাছ, শামুক বা আন আন Elasmobranchs ( যেনে : Shark, Skate, Seal আৰু Ray . ইলাচমোব্ৰাঞ্চবোৰত পাঁচৰ পৰা সাতটা বাহ্যিক শ্বাস ৰন্ধ্ৰ (Gill slit) থাকে য'ত কোনো আৱৰণ (Gill cover) নাথাকে ) খায়। আমোদজনক কথাটো হ'ল, আটাইতকৈ ডাঙৰ চাৰ্কৰ প্ৰজাতিটোৰ খাদ্যাভ্যাস হ'ল Filter Feeder, অৰ্থাৎ গোটেই জীৱন কেৱল প্লাংকণ্টন জাতীয় খাদ্য হে খায়। প্লাংকণ্টন বোৰ সূক্ষ্ম উদ্ভিদৰ দৰে আৰু পানীত ভাহি থাকিব পাৰে।


ধাৰণা : চাৰ্কৰ কোনো ভক্ষক নাথাকে ?

বাস্তৱ: সঁচাকৈয়ে চাৰ্ক হৈছে শীৰ্ষ ভক্ষক (Apex Predator)- কিন্তু প্ৰকৃতিৰ খাদ্যজালত প্ৰায়ে ডাঙৰ প্ৰজাতিৰ চাৰ্কে সৰু সৰু (একে বা ভিন্ন প্ৰজাতিৰ) চাৰ্ক চিকাৰ কৰে। অৰ্থাৎ চাৰ্কেই চাৰ্কৰ ভক্ষক। অৰ্কা তিমিয়েও উত্তৰ-পূব প্ৰশান্ত মহাসাগৰৰ ব্লু চাৰ্ক আৰু হোৱাইট চাৰ্কৰ দৰে ডাঙৰ প্ৰজাতি ভক্ষণ কৰে।

ধাৰণা: চাৰ্কে এক মাইল দূৰৰ পৰা তেজৰ গোন্ধ ল'ব পাৰে ৷

বাস্তৱ: যি দূৰত্বৰ পৰা চাৰ্ক বোৰে পানীত গোন্ধ ল'বলৈ আৰু চিকাৰ চিনাক্ত কৰিবলৈ সক্ষম হয়, সেয়া পৰিৱেশগত কাৰকবোৰৰ ওপৰত নিৰ্ভৰ কৰে, যেনে- সমুদ্ৰৰ পানীৰ গতি আৰু দিশ। লগতে চাৰ্কৰ ঘ্ৰাণশক্তি তেওঁলোকৰ খাদ্যৰ উৎস, ভক্ষক, সম্ভাৱনীয় সংগী, গুৰুত্বপূৰ্ণ বাসস্থান আৰু মানৱসৃষ্ট উদ্যোগিক পদাৰ্থৰ নিৰ্দিষ্ট গোন্ধৰ প্ৰতি বিশেষভাৱে সংবেদনশীল। আৰু এই পৰিসীমা অলিম্পিকৰ চুইমিং পুল এটাৰ সমপৰ্যায়ৰ মাথোঁ।


ধাৰণা: মেগাল’ডন চাৰ্ক এতিয়াও আছে।

বাস্তৱ: কোনো বৈজ্ঞানিক প্ৰমাণে এই কথা সমৰ্থন নকৰে যে মেগাল’ডন চাৰ্ক এতিয়াও আছে, যাৰ দৈৰ্ঘ্য প্ৰায় ৬০ ফুট পৰ্যন্ত আছিল। এই চাৰ্ক সমূহ প্ৰায় পাঁচ মিলিয়ন বছৰ পূৰ্বে বিলুপ্ত হৈছে বুলি গৱেষক মহলে জানিব দিয়ে। প্ৰথমে হোৱাইট চাৰ্ক তেওঁলোকৰ আটাইতকৈ ওচৰৰ জীৱন্ত আত্মীয় বুলি ভবা হৈছিল, কিন্তু শেহতীয়া গৱেষণাৰ পৰা জানিব পৰা গৈছে যে আজিৰ মাক’ চাৰ্কৰ সৈতে অধিক ঘনিষ্ঠ সম্পৰ্ক আছে ৷


ধাৰণা : চাৰ্ক জীয়াই থাকিবৰ বাবে সাঁতুৰি থাকিব লাগে ৷

বাস্তৱ: কিছুমান চাৰ্কৰ প্ৰজাতিয়ে শ্বাস-প্ৰশ্বাস আৰু জীয়াই থকাৰ বাবে নিৰৱচ্ছিন্নভাৱে সাঁতুৰি থাকিব লাগে যদিও সকলোৰে ক্ষেত্ৰত ই প্ৰযোজ্য নহয়। যিবোৰ প্ৰজাতিয়ে অনবৰতে সাঁতুৰি থাকিব লাগে, সেইবোৰক Obligate ram ventilator বুলি কোৱা হয়, যেনে ব্লু চাৰ্ক ; কিন্তু, আন বহুতো প্ৰজাতি স্থিৰ হৈ শ্বাস-প্ৰশ্বাস অব্যাহত ৰাখিব পাৰে।


ধাৰণা: চাৰ্ক ঘৰত ৰাখিব নোৱাৰি ৷

বাস্তৱ: চাৰ্ক বোৰ স্বাভাৱিকতে বিপদজনক নহয়, কিন্তু সেইবোৰ পোহনীয়া কৰাৰ বাবে পৰ্যাপ্ত ওচৰ চাপি তেওঁলোকক প্ৰৰোচিত কৰাটো সুৰক্ষিত নহয়। কিছুমান চাৰ্ক পোহনীয়া কৰি একুৱাৰিয়ামত (Aquarium) ৰাখিব পাৰি। উদাহৰণ স্বৰূপে অপ্ৰাকৃতিক পৰিৱেশত তথা একুৱাৰিয়ামত আমাৰ ঘৰত মূলতঃ Wobbegong চাৰ্ক, Bamboo চাৰ্ক, Epaulette চাৰ্ক আৰু Blacktip Reef চাৰ্ক ইত্যাদি ৰাখিব পাৰি।



গৌৰৱৰ ক্ষণ


​চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ চন্দ্ৰযান - ৩ ৰ লেণ্ডাৰ বিক্ৰমৰ আৰু এইক্ষেত্ৰত প্ৰথমখন দেশ হিচাপে পৰিগণিত ভাৰতবৰ্ষ I এই প্ৰকল্পত জড়িত সকলো বিজ্ঞানী আৰু ব্যক্তিলৈ হৰিৎকণাৰ পৰিয়ালৰ পৰা শুভেচ্ছা আৰু অশেষ ধন্যবাদ জনালোঁ I


 

সম্পাদনা সমিতি


তুষাৰ ৰঞ্জন কাশ্যপ , সবুজ শইকীয়া , বিতোপন দাস, ৰক্তিম বৰুৱা, জগত জ্যোতি বৰুৱা, ধীৰাজ শইকীয়া, গৌৰৱ শইকীয়া, অৰিন্দম খনিকৰ, ধ্ৰুবজ্যোতি কাকতি, ইমৰান হুছেইন , ৰুৱাইট্ বৰগোহাঞি , মানস প্ৰতিম দত্ত, নিহাল গগৈ

 

সম্পাদক


ধ্ৰুবজ্যোতি কাকতি

 


© Haritkona II হৰিৎকণা

141 views0 comments
bottom of page