top of page
  • Writer's pictureHaritkona Newsletter

অষ্টম বৰ্ষ-পঞ্চম সংখ্যা, নৱেম্বৰ,২০২৩

Eighth Year - Fifth Edition, November, 2023



ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা ২০২৩

✍️ দীপাঞ্জন কাশ্যপ

- সহকাৰী অধ্যাপক , অসম কৃষি বিশ্ববিদ্যালয়


ছুইডেনৰ উদ্ভাৱক আৰু উদ্যোগপতি আলফ্ৰেড ন'বেলৰ ইচ্ছানুযায়ী ন'বেল বঁটা ১৯০১ চনৰ পৰা প্ৰদান কৰি অহা হৈছে। আলফ্ৰেড ন'বেলে বঁটা প্ৰদানৰ বাবে উইল কৰি ৰখা বৃহৎ পুঁজিৰ পৰা প্ৰতি বছৰে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞান, সাহিত্য, শান্তি আৰু অৰ্থনৈতিক বিজ্ঞানৰ যোগ্যতম ব্যক্তি বা অনুষ্ঠানক ন'বেল বঁটাৰে সন্মানিত কৰি অহা হৈছে। উল্লেখ্য যে ১৯৬৮ চনলৈ অৰ্থনৈতিক বিজ্ঞানত ন'বেল বঁটা দিয়াৰ নিয়ম নাছিল। ১৯৬৮ চনত স্বেৰিজেছ ৰিক্সবেংকে (ছুইডেনৰ কেন্দ্ৰীয় বেংক) আলফ্ৰেড ন'বেলৰ স্মৃতিত অৰ্থনৈতিক বিজ্ঞানৰ ক্ষেত্ৰতো বঁটা

প্ৰদানৰ ধন আগবঢ়ায় আৰু ন'বেল ফাউণ্ডেচনকে তাৰ দায়িত্ব অৰ্পণ কৰে। ন'বেল বঁটাক বিশ্বৰ বৌদ্ধিক সাফল্যৰ বাবে দিয়া আটাইতকৈ সন্মানীয় বঁটা হিচাপে বহুলভাৱে গণ্য কৰা হয়। প্ৰতিজন বঁটা প্ৰাপকে ২৪ কেৰেটৰ সোণেৰে প্লেট কৰা সেউজীয়া সোণৰ পদক, ডিপ্লমা আৰু আৰ্থিক বঁটা লাভ কৰে। ২০২৩ চনৰ হিচাপত ন'বেল বঁটাৰ আৰ্থিক মূল্য ১১,০০০,০০০ ছেক (ভাৰতীয় মূল্যৰ হিচাপত ৮ কোটিতকৈও অধিক)। নিয়ম অনুসৰি তিনিজনতকৈ অধিক ব্যক্তিৰ মাজত এটা বঁটা ভাগ কৰিব নোৱাৰি যদিও তিনিজনতকৈ অধিক লোকৰ সংগঠনক শান্তিৰ ন'বেল বঁটা প্ৰদান কৰিব পাৰি। মৰণোত্তৰভাৱে ন'বেল বঁটা প্ৰদান কৰা নহয় যদিও বঁটা ঘোষণাৰ পিছত কোনো বঁটাপ্ৰাপকৰ মৃত্যু হ'লে তেওঁক সেই বঁটা প্ৰদান কৰা হয়। বৰ্তমানলৈ ৯৭৫জন ব্যক্তি আৰু ২৫টা সংগঠনক ৬০৯ বাৰ ন'বেল বঁটা প্ৰদান কৰা হৈছে। পাঁচজন ব্যক্তি আৰু দুটা সংগঠনে এটাতকৈ অধিক ন'বেল বঁটা লাভ কৰিছে। ২০২৩ বৰ্ষৰ ন'বেল বঁটাৰ বাবে ছটা ক্ষেত্ৰৰ সৰ্বমুঠ এঘাৰগৰাকী ব্যক্তিৰ নাম ঘোষণা কৰা হৈছে। ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰা বিজ্ঞানী তিনিগৰাকীৰ বিষয়ে থুলমূলকৈ জানো আহক।


‌ কোৱাণ্টাম বিন্দু নামৰ এক বিশেষ শ্ৰেণীৰ নেন'কণিকাৰ যুগান্তকাৰী আৱিষ্কাৰ আৰু সংশ্লেষণৰ বাবে ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে ২০২৩ চনৰ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰিছে মৌংগী জি বাৱেণ্ডী, লুইছ ই ব্ৰুছ আৰু এলেক্সি আই একিমভক। মৌংগী জি বাৱেণ্ডী হৈছে আমেৰিকাৰ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিৰ ৰসায়নবিদ। আশী বছৰীয়া লুই ই ব্ৰুছ আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মৰত। এলেক্সি আই একিমভ নিউয়ৰ্কত অৱস্থিত নেন’ক্ৰিষ্টেলছ টেকন’লজি ইনকৰ্পৰেশ্যন নামৰ কোম্পানী এটাৰ বিজ্ঞানী। তেওঁলোকৰ ন'বেল বঁটা জয়ৰ আঁৰৰ কোৱাণ্টাম বিন্দু হৈছে এনে এটা স্ফটিক কণিকা যিটো কেইহাজাৰমান পৰমাণু লগ লাগি সৃষ্টি হয়।


পদাৰ্থবিজ্ঞানীসকলে কেইবা দশক পূৰ্বৰ পৰাই ধাৰণা কৰিছিল যে নেন'কণাত আকাৰ নিৰ্ভৰশীল কোৱাণ্টাম প্ৰভাৱৰ সৃষ্টি হ’ব পাৰে। কিন্তু সেয়া পৰীক্ষাগাৰত সফলতাৰে কৰি দেখুওৱা সম্ভৱ হৈ উঠা নাছিল। ১৯৮০ চনৰ আৰম্ভণিতে এলেক্সি একিমভে ৰঙীন কাঁচত আকাৰ নিৰ্ভৰশীল কোৱাণ্টাম ইফেক্ট সৃষ্টি কৰাত সফল হয়। এই ৰঙটো কপাৰ ক্ল'ৰাইডৰ নেন'কণাৰ পৰা আহিছিল আৰু একিমভে প্ৰমাণ কৰিছিল যে কণিকাৰ আকাৰে কোৱাণ্টাম ইফেক্টৰ জৰিয়তে কাঁচৰ ৰঙত প্ৰভাৱ পেলায়। কেইবছৰমান পিছত লুই ব্ৰুছে বিশ্বৰ প্ৰথমজন বিজ্ঞানী হিচাপে তৰল পদাৰ্থত মুক্তভাৱে ওপঙি থকা কণিকাবোৰৰ আকাৰ নিৰ্ভৰশীল কোৱাণ্টাম প্ৰভাৱ প্ৰমাণ কৰিছিল। ১৯৯৩ চনত মৌংগী বাৱেণ্ডীয়ে কোৱাণ্টাম বিন্দুৰ ৰাসায়নিক উৎপাদনত এক বৈপ্লৱিক পৰিৱৰ্তন আনিলে, যাৰ ফলত প্ৰায় নিখুঁত কণিকাৰ সৃষ্টি কৰা সম্ভৱ হ'ল। এই উচ্চ মানদণ্ডৰ কণিকা সৃষ্টি কৰা বৰ প্ৰয়োজনীয় আছিল, কিয়নো ইয়াৰ অবিহনে কোৱাণ্টাম বিন্দুৰ সফল‌ ব্যৱহাৰিক প্ৰয়োগ সম্ভৱ নাছিল। কোৱাণ্টাম বিন্দুসমূহে বৰ্তমান QLED প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি কম্পিউটাৰ মনিটৰ আৰু টেলিভিছনৰ পৰ্দা আলোকিত কৰে। এই বিন্দুবোৰে এল.ই.ডি. লেম্পৰ পোহৰত সূক্ষ্মতাও যোগ কৰে। তদুপৰি জৈৱ ৰসায়নবিদ আৰু চিকিৎসকে ইয়াক জৈৱিক কোষৰ মেপ তৈয়াৰ কৰিবলৈও ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। এইদৰে কোৱাণ্টাম বিন্দুবোৰে মানৱ জাতিৰ বাবে বহুতো আশাব্যঞ্জক বাতৰি কঢ়িয়াই আনিছে। গৱেষকসকলে আশা প্ৰকাশ কৰিছে যে কোৱাণ্টাম বিন্দুৱে ভৱিষ্যতে নমনীয় ইলেক্ট্ৰনিকছ (flexible electronics), ক্ষুদ্ৰ চেন্সৰ, পাতল সৌৰকোষ আদিৰ ক্ষেত্ৰতো অৰিহণা যোগাব পাৰিব।



মহামাৰী স্পেনিছ ফ্লু আৰু ইয়াৰ ভয়াবহতা

✍️ গৌৰৱ শইকীয়া

- ইতিহাস বিষয়ক সমল লেখক


২০২০ চনত সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী ক’ভিডৰ ভয়বহতাৰ স্মৃতি হয়তো এতিয়ালৈকে কোনেও পাহৰিব পৰা নাই৷ যদিও এই মহামাৰীৰ ভাইৰাছ চীনৰ য়ুৱান প্ৰদেশৰ এটা গৱেষণাগাৰৰ লেবৰ পৰা উন্মুক্ত হৈছিল বুলি কোৱা হয় কিন্তু এই তথ্যক লৈও বিতৰ্কৰ কোনো অন্ত নাই৷ সি যি কি নহওক সুদীৰ্ঘ দুবছৰ ধৰি সমগ্ৰ বিশ্বই এই মানৱসৃষ্ট ভাইৰাছ বিধৰ বাবে যি দুৰ্গতি ভুগিলে সি হয়তো মেডিকেল বিজ্ঞানৰ ইতিহাসত চিৰদিনলৈ খোদিত হৈ ৰ’ব আৰু পৰৱৰ্তী সময়ছোৱালৈয়ো বিভিন্ন ভাইৰাছজনিত পৰীক্ষা-নিৰীক্ষাৰ ক্ষেত্ৰখনত নতুন তথ্যৰ উন্মেষ ঘটাব৷ বৈজ্ঞানিক সকলে ক’ব বিচাৰে যে বিশ্বত প্ৰতি এশ বছৰৰ মূৰেমূৰে মহামাৰীৰ প্ৰকোপে বিভিন্ন কাৰণত দেখা দিয়ে; উদাহৰণস্বৰূপেঃ- প্নেগ, কলেৰা, স্পেনিছ ফ্লু ইত্যাদি৷


বিশ্বত ক’ভিদ মহামাৰীৰ আগতেও ক’ভিদৰ লগতে জড়িত অন্য এবিধ মহামাৰীয়ে মানুহৰ জীৱনলৈ অকাল মৃত্যু কঢ়িয়াই আনিছিল আৰু এই মহামাৰীত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা আছিল অগণন৷ ক’ভিদ মহামাৰীৰ লগত একে লক্ষণবিশিষ্ট এই মহামাৰী বিধ আছিল স্পেনিছ ফ্লু৷ এই ফ্লুৱে পাঁচৰ পৰা দহ কোটি লোকক আক্ৰান্ত কৰি প্ৰাণ লৈছিল৷ সাধাৰণতে এইবিধ মহামাৰীক স্পেনিছ ফ্লু বুলি এইকাৰণেই কোৱা হৈছিল যে ইনফ্লুয়েঞ্জা ৰোগৰ লক্ষণ সমূহৰ দৰেই

আছিল৷ এতিয়া আহোঁ চমুকৈ ইনফ্লুয়েঞ্জা ৰোগবিধৰ বিষয়ে; ইনফ্লুয়েঞ্জা নামৰ ৰোগটোক চমুকৈ ফ্লু বুলিও জনা যায়৷ ইয়াৰ আন এটা নাম হ’ল গ্ৰিপ৷ ভাইৰাছ নামৰ অণুজীৱৰ সাংঘাতিক ধৰণৰ আক্ৰমণৰ ফলত এই ৰোগ হয়৷ ই আমাৰ শ্বাস-প্ৰশ্বাসৰ নলীৰ ওপৰ আৰু তল অংশ বৰ দকৈ আক্ৰমণ কৰে আৰু তাৰ ফলত জ্বৰ, কঁপনি উঠা, ঠাণ্ডা লগা, সাধাৰণ দুৰ্বলতা, মাংসপেশীৰ বিষ, ডিঙিৰ চৰচৰণি আদি লক্ষণে দেখা দিয়ে৷ হাওঁফাওঁত আক্ৰমণ কৰি বা আন জটিলতাৰ সৃষ্টি কৰি ই ৰোগীৰ মৃত্যুও ঘটায়৷ কিন্তু এই ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত প্ৰধান অসুবিধাটো হ’ল এয়ে যে এই ৰোগৰ সৃষ্টিকাৰী অণুজীৱ ভাইৰাছবোৰে কিছু দিনৰ মূৰেমূৰে ৰূপ সলাই শৰীৰৰ নিজা প্ৰতিৰোধী ব্যৱস্থা বা ছিটাই আনি দিয়া প্ৰতিৰোধী ব্যৱস্থাটোক অক্ষম কৰি তোলে৷


এতিয়া আহোঁ স্পেনিছ ফ্লুৰ বিষয়ে। মানৱ ইতিহাসৰ কাৰণে অতি ভয়াবহ মহামাৰী হিচাপে পৰিগণিত হোৱা এই ৰোগবিধৰ আৰম্ভণি ঘটিছিল ধ্বংসাত্মক প্ৰথম বিশ্বযুদ্ধৰ অৱসানৰ ঠিক পিছতেই ৷১৯১৮ চনৰ জানুৱাৰী মাহত পোনপ্ৰথমে আমেৰিকাৰ হাস্কেল কাউন্টি নামৰ এক সৰু ঠাইৰ এজন স্থানীয় চিকিৎসকে এটা নতুন ধৰণৰ ৰোগ চিনাক্ত কৰে আৰু তেওঁ এইবিষয়ে আমেৰিকাৰ স্বাস্থ্য বিভাগত খৱৰ দিয়ে যদিও এজন সৰু ৰেংকৰ স্থানীয় চিকিৎসক হিচাপে তেওঁৰ কথা বিভাগে বিশ্বাসত নলৈ গুৰুত্ব নিদিয়ে, কিন্তু পিছলৈ চিকিৎসকজনৰ কথাই সঁচা প্ৰমাণিত হয়৷ ১৯১৮ চনৰ ৪ মাৰ্চ তাৰিখে আমেৰিকাত প্ৰথমটো ইনফ্লুয়েঞ্জাৰ লগত একে লক্ষণ জড়িত কেছ মানুহৰ সন্মুখলৈ আহে কিন্তু সেইটো সময়ত প্ৰথম বিশ্বযুদ্ধ চলি থকা বাবে কোনেও ইয়াক বেছি গুৰুত্বসহকাৰে নলয়৷ কিন্তু ইতিমধ্যে বিপদৰ আৰম্ভণি হৈ গৈছিল৷ এপ্ৰিল মাহৰ সময়ছোৱালৈ এই মহামাৰীৰ কেছ ইউৰোপৰ ভালেকেইখন দেশলৈ ক্ষীপ্ৰ গতিৰে বিয়পি পৰে৷ উক্ত দেশসমূহৰ ভিতৰত আছিল ক্ৰমেঃ- জাৰ্মানী, ইংলেণ্ড, ফ্ৰান্স, স্পেইন ইত্যাদি৷ কিন্তু দুৰ্ভাগ্যবশতঃ যুদ্ধত লিপ্ত থকা সৈনিকসকলৰ মনত যাতে অহেতুক উদ্বেগৰ সৃষ্টি নহয় তাৰ কাৰণে প্ৰতিখন দেশৰ চৰকাৰে এই ৰোগৰ কথা গোপনে ৰাখে৷ ইউৰোপৰ বাকীবোৰ দেশ আৰু আমেৰিকাক বাদ দি কেৱল স্পেইনেহে এই ৰোগৰ কথা সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰে আৰু আনকি খৱৰ কাগজত বিজ্ঞাপনসহ চিত্ৰ অংকন কৰি জনতাৰ মাজত স্বাস্থ্য সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে৷ যিহেতু ইউৰোপত স্পেইনে এই ৰোগ তথা মহামাৰীটোৰ কথা ৰাজহুৱা কৰে আৰু লগতে এই মহামাৰীৰ ফলত বহুসংখ্যক লোকৰ মৃত্যুও ঘটে সেইকাৰণে বেছিভাগ দেশেই এই মহামাৰী স্পেইনৰ পৰা সৃষ্টি হৈছে বুলি গণ্য কৰি উক্ত মহামাৰীটোৰ নাম “স্পেনিছ ফ্লু” ৰাখে৷ ক’ভিড মহামাৰীৰ দৰে এইবিধ ৰোগৰো লক্ষণ একেই আছিল, যেনে:- পানীলগা, জ্বৰ, কাহ, বমি, মূৰৰ বিষ, উশাহ-নিশাহত কষ্ট আৰু অত্যধিক আক্ৰান্ত হোৱাৰ পিছত মৃত্যু৷ কিন্তু বহুক্ষেত্ৰত ক’ভিদতকৈও স্পেনিছ ফ্লুত মানুহৰ মৃত্যুৰ হাৰ বেছি আছিল৷ স্পেনিছ ফ্লুৰ সংক্ৰমণৰ পৰা বাছিবলৈও ক’ভিদৰ দৰে একেবোৰ সাৱধানতা লোৱা হৈছিল, যেনেঃ- সামাজিক ব্যৱধান মানি চলা, মাস্ক পৰিধান কৰা, ক’ৰবাৰ পৰা আহি বা খোৱাৰ আগত হাত পৰিষ্কাৰকৈ ধোৱা, য’তে ত’তে থুই নেপেলোৱা আৰু পৰাপক্ষত ঘৰৰ পৰা বাহিৰলৈ নোলোৱা ইত্যাদি৷ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা অগণিত লোকৰ সংখ্যা তথা ইয়াৰ ভয়াবহ পৰিস্থিতিৰ বিষয়ে আমি হয়তো এতিয়া কল্পনাও কৰিব নোৱাৰোঁ৷ যিহেতু বৰ্তমানৰ দৰে এই ৰোগৰ বিৰুদ্ধে যাৱতীয় চিকিৎসামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বা প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ ক্ষেত্ৰত চিকিৎসা বিজ্ঞান আজিৰ দৰে ইমান আগবঢ়া নাছিল তথা বেছিভাগ দেশেই সেইসময়ত প্ৰথম বিশ্বযুদ্ধৰ ভয়াবহ ধ্বংসৰ গৰাহৰ পৰা আৰু দেউলীয়া অৰ্থনীতিৰ পৰা ভালকৈ মুক্তও হোৱা নাছিল৷


আনকি ব্ৰিটিছ শাসিত ভাৰতবৰ্ষতো এই ৰোগে তাণ্ডৱ চলাইছিল, যিহেতু প্ৰথম বিশ্বযুদ্ধত ভাৰতৰ পৰা যুদ্ধত অংশগ্ৰহণ কৰা যিসকল সৈনিক পুনৰ নিজ দেশলৈ যুদ্ধৰ পিছত উভটি আহিছিল তেওঁলোকে নিজৰ শৰীৰত ইউৰোপৰ পৰা উক্ত ভাইৰাছবিধো কঢ়িয়াই আনিছিল৷ অন্যহাতে ব্ৰিটিছ চৰকাৰে উক্ত সময়ত এই ৰোগৰ সংক্ৰমণ ৰোধ কৰিবলৈ কোনোধৰণৰ বিশেষ ব্যৱস্থা লোৱা নাছিল গতিকে ঘৰলৈ ওভটা সৈনিকসকলৰ একো ডাক্তৰী পৰীক্ষা-নিৰীক্ষা নকৰাকৈ তথা ঘৰলৈ ওভটাৰ আগত কোৱাৰেন্টাইনত নৰখাকৈ পঠিয়াই দিয়াৰ ফলত এই মহামাৰীৰ ক্ষীপ্ৰ গতিত ভাৰতৰ বিভিন্ন ঠাইত বিয়পি পৰিছিল৷ ভাৰতত প্ৰথমটো স্পেনিছ ফ্লুৰ কেচ ১৯১৮ চনৰ জুনৰ ১৯ তাৰিখে ধৰা পৰিছিল আৰু ইয়াৰ এমাহৰ ভিতৰত সমগ্ৰ দেশতে এই ফ্লু বিয়পি পৰিছিল৷ পাঁচৰ পৰা ছয় মাহৰ ভিতৰত স্পেনিছ ফ্লুৱে সমগ্ৰ দেশত ত্ৰাসৰ সৃষ্টি কৰে আৰু পৰিস্থিতি অধিক সংকটৰ দিশত যোৱাৰ ফলতহে ব্ৰিটিছ কৰ্তৃপক্ষই বিভিন্ন পদক্ষেপ ল’বলৈ আৰম্ভ কৰে; যেনেঃ- মুখত মাস্ক লগোৱা, সামাজিক দূৰত্ব মানি চলা, ৰাষ্টাত পিক্‌ পেলোৱাৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা আদি৷ যদিও প্ৰথমটো পৰ্যায়ত ভাৰতত মৃত্যুৰ হাৰ ইউৰোপৰ তুলনাত কম আছিল কিন্তু ইয়াৰ কেইমাহমানৰ পিছত অহা দ্বিতীয়টো ঢৌৱে বহুসংখ্যক ভাৰতীয় লোকৰ মৃত্যু ঘটাইছিল৷ ডাঙৰ ডাঙৰ মহানগৰবোৰৰ ৰাষ্টাত হাজাৰ হাজাৰ লোকৰ মৃতদেহে দম বান্ধিছিল কিন্তু সেইসমূহৰ সৎকাৰ কৰা মানুহ কোনো নাছিল৷ বিখ্যাত হিন্দী কবি সূৰ্য্যকান্ত ত্ৰিপাঠী নিৰালাৰ পৰিয়ালৰ গোটেইকেইজন সদস্য এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল৷ নিৰালে লিখিছিল যে গংগা নদীৰ পাৰ মৃতদেহেৰে ভৰি পৰিছিল আৰু তেওঁ নিজৰ পত্নীৰ মৃতদেহ সৎকাৰ কৰিবলৈ এডাল খৰিও বিচাৰি পোৱা নাছিল৷ আনকি মহাত্মা গান্ধীৰ পৰিয়ালৰো বহুতো সদস্য এই মহামাৰীত আক্ৰান্ত হৈছিল৷ চৰকাৰী তথ্য অনুসৰি ভাৰতত স্পেনিছ ফ্লুৰ ফলত প্ৰায় ২ কোটি লোক মৃত্যুমুখত পৰিছিল; যিটো সময়ত ভাৰতৰ মুঠ জনসংখ্যা ৩০ কোটিৰ ওচৰাওচৰি আছিল৷ প্ৰায় সমগ্ৰ বিশ্বৰ প্ৰায়সংখ্যক দেশতে অৰ্থনীতি, জনসংখ্যাৰ গাঁথনি, ৰাজনীতি, চিকিৎসাখণ্ড সকলোতে ব্যাপক প্ৰভাৱ পেলোৱা এই মহামাৰী ১৯২১ চনলৈকে বৰ্তি আছিল আৰু বহুসংখ্যক লোকৰ প্ৰাণ কাঢ়িছিল আৰু এটা সময়ত এই ভাইৰাছ নিজেই দুৰ্বল হৈ বিশ্বৰ পৰা নাইকীয়া হৈ পৰিছিল ৷



কলম্বিয়াত পৰিৱৰ্তিত মহৰ (Modified Mosquito) দ্বাৰা ডেংগুৰ নিয়ন্ত্ৰণ

✍️ ইমৰান হুছেইন

- এফ.ডি.অ. , মীন বিভাগ , অসম চৰকাৰ


ডেংগুৰ অস্বাভাৱিক বৃদ্ধিৰ এই কালছোৱাত, কলম্বিয়াৰ তিনিখন চহৰত ওলবাচিয়া (Wolbachia) কঢ়িয়াই অনা মহৰ প্ৰৱৰ্তনৰ পিছত এই বৰ্ষত ডেংগুৰ ঘটনা নাটকীয়ভাৱে হ্ৰাস পাইছে। ওলবাচিয়া হৈছে এনে এক বেক্টেৰিয়া যিয়ে ভাইৰাছৰ সংক্ৰমণ কৰাত বাধা দিয়ে। উল্লেখযোগ্য যে, ‘ওলবাচিয়া মহ’ ৰ সংখ্যা বৃদ্ধি আৰু বিকাশ হোৱা অঞ্চলত ডেংগুৰ ঘটনা ৯৪-৯৭% হ্ৰাস পাইছে। অন্যান্য দেশৰ ভিতৰত অষ্ট্ৰেলিয়া, ব্ৰাজিল, ইণ্ডোনেছিয়া আৰু ভিয়েটনামত একে ধৰণৰ পৰীক্ষা-নিৰীক্ষা চলাই অহা সংগঠন World Mosquito Program (WMP) ৰ দ্বাৰা Aedes aegypti নামৰ মহৰ প্ৰজাতি মুকলি কৰা হৈছিল। কলম্বিয়াৰ এই পৰীক্ষাটো বৰ্তমানলৈ কৰা পৰিবৰ্তিত মহৰ দ্বাৰা ডেংগু নিবাৰণৰ আটাইতকৈ বৃহৎ কাৰ্যসূচী।


WMP এ ২০১৫ ৰ পৰা ২০২০ লৈ কলম্বিয়াৰ আবুৰা ভেলী, বেল', ইটাগ' আৰু মেডেলিন চহৰত এই পদ্ধতিৰেই পৰিবৰ্তিত মহৰ প্ৰচলন কৰি যথেষ্ট সাফল্য লাভ কৰিবলৈ সমৰ্থ হৈছিল । যেতিয়া বিজ্ঞানীসকলে বিগত দহ বছৰৰ তথ্য ৰ লগত তুলনামূলক বিশ্লেষণ কৰিছিল, তেওঁলোকে দেখিছিল যে এই পদ্ধতিৰে মহৰ সম্প্ৰসাৰণ কৰা বেল' আৰু মেডেলিনত ডেংগুৰ পৰিমাণ ৯৫% আৰু ইটাগ' ত ৯৭% হ্ৰাস পায়। প্ৰকল্পটো আৰম্ভ হোৱাৰ পৰা অঞ্চলটোত ডেংগুৰ বৃহৎ প্ৰাদুৰ্ভাৱ হোৱা নাই।

ইতিবাচক ফলাফল স্বত্বেও, বিশ্ব স্বাস্থ্য সংস্থাই এতিয়ালৈকে ওলবাচিয়া মহক আনুষ্ঠানিকভাৱে সমৰ্থন কৰা নাই। প্ৰযুক্তিটোৱে বিশ্ব স্বাস্থ্য সংস্থাৰ ভেক্টৰ নিয়ন্ত্ৰণ পৰামৰ্শদাতা গোট ( Vector Control Advisory Group ) ৰ দ্বাৰা মূল্যাঙ্কনৰ বাবে অপেক্ষা কৰি আছে। WMP য়ে প্ৰকল্পটোৰ ভৱিষ্যত পৰিকল্পনা হিচাপে এই বছৰৰ আৰম্ভণিতে সংগঠনটোৱে অহা দহ বছৰত দেশৰ বহুতো নগৰ চহৰত মুকলি কৰিবলগা পৰিৱৰ্তিত মহ উৎপাদনৰ বাবে ব্ৰাজিলত এটা কাৰখানা নিৰ্মাণৰ সিদ্ধান্ত ঘোষণা কৰিছিল। বৰ্তমানে ঠাই ভেদে ভৌগোলিক আৰু সামাজিক পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ মহ নিয়োজিত কৰাৰ কৌশলসমূহৰ গৱেষণা চলি আছে।‌ উক্ত তথ্যসমূহ ২২ অক্টোবৰত চিকাগ'ত অনুষ্ঠিত American Society of Tropical Medicine and Hygiene - ৰ বাৰ্ষিক অধিবেশনত বিজ্ঞানীমহলে উপস্থাপন কৰে।



সম্পাদকীয়


শগুন সংৰক্ষণ আৰু প্ৰচেষ্টা ............ শগুন এনে এবিধ চৰাই যি বহু বেমাৰ - আজাৰৰ পৰা মানৱ প্ৰজাতিক ৰক্ষা কৰি আহিছে ৷ কিন্তু বৰ্তমানে মানৱ সমাজৰ অমনোযোগিতাৰ বাবে এই উপকাৰী পক্ষীবিধ আমাৰ পৰিবেশৰ পৰা বিলুপ্ত হোৱাৰ উপক্ৰম হৈছে ৷ জাক-জাক শগুনৰ বিভিন্ন বিষক্ৰিয়াৰ বাবে মৃত্যু হোৱাৰ বাতৰি আজিকালি আমি প্ৰায়ে পাই থাকোঁ ৷ শগুনে বিশেষকৈ জীৱ-জন্তুৰ মৰাশ খাই পৰিৱেশ নিকা কৰি ৰাখে ৷ এই মৰাশবোৰ বিভিন্ন বেমাৰৰ কাৰক ৷ খাদ্যৰ বিষক্ৰিয়াৰ বাবে শগুনৰ মৃত্যুৰ হাৰ বৃদ্ধি পাইছে আৰু বৰ্তমান সময়ত শগুন দেখিবলৈ প্ৰায় নোহোৱা হৈছে ৷ ১৭ মাৰ্চ , ২০২২ তাৰিখে ছয়গাঁওৰ মিলনপুৰত কৃষি কৰ্মত ব্যৱহাৰ কৰা কাৰ্ব'ফুৰাণ খোৱাৰ বাবে ১২৪ টা শগুনৰ মৃত্যু হৈছিল। তদুপৰি পশুধনৰ বিষনাশক হিচাপে ব্যৱহাৰ হোৱা ডাইক্ল’ফিনাকৰ শগুন মৃত্যুৰ অন্যতম কাৰক ৷ ডাইক্ল’ফিনাকৰ দ্বাৰা চিকিৎসা কৰা পশুধনৰ মৃত্যু হলে সেইয়া শগুনে ভক্ষণ কৰিলে দেহত বিষক্ৰিয়া হয় ৷ এই দৰৱৰ ঠাইত শগুনৰ বাবে অসুবিধাৰ সৃষ্টি নকৰা মেলক্সিকেম নামৰ ঔষধবিধ ব্যৱহাৰ কৰিব পাৰি। এই শগুন সংৰক্ষণ বাবে জনগণৰ মাজত সজাগতা বৃদ্ধি কৰাটো প্ৰয়োজন ৷ এই ক্ষেত্ৰত বিভিন্ন ব্যক্তিবিশেষ আৰু সংগঠনে ভূমিকা গ্ৰহণ কৰা আমাৰ সকলোৰে বাবে এটা ধনাত্মক বাৰ্তা ৷ উদাহৰণস্বৰুপে ঢকুৱাখানাৰ তিনি যুৱক ক্ৰমে মানস প্ৰতিম দত্ত , ধ্ৰুবজ্যোতি চেতিয়া আৰু বিমান সন্দিকৈয়ে “ Pu En Fo Wild ” নামেৰে প্ৰচেষ্টা হাতত লৈছে যাৰ জৰিয়তে শগুন সংৰক্ষণৰ ওপৰত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰি অহাৰ লগতে বিষক্ৰিয়া হোৱা শগুন উদ্ধাৰতো ভূমিকা গ্ৰহণ কৰি আহিছে । এনেধৰনৰ প্ৰচেষ্টা সঁচাই শলাগিবলগীয়া যি উঠি অহা প্ৰজন্মৰ মনমগজুত এক নতুন চিন্তাৰ উন্মেষ ঘটাব । আহক আমি সকলোৱে মিলি শগুন সংৰক্ষণ কৰি আমাৰ ভৱিষ্যতটোক সুৰক্ষা দিওঁ।



জুলিয়া হিল

✍️ মানস প্ৰতিম দত্ত

- স্নাতক শিক্ষক, ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় , লখিমপুৰ


জুলিয়া হিল।

সম্পূর্ণ নাম – জুলিয়া ল’ৰেইন হিল।

১৯৭৪ চনৰ ১৮ ফেব্রুৱাৰী তাৰিখে মিছৌৰীৰ মাউণ্ট ভাৰ্ননত জুলিয়া হিলৰ জন্ম হৈছিল। দেউতাকৰ কর্মসূত্রে জুলিয়াহঁতৰ পৰিয়ালটো বিভিন্ন ঠাই ঘূৰি ফুৰিবলগীয়া হৈছিল। বিভিন্ন ঠাইলৈ যাওঁতে তেওঁলোকে বহু জান-জুৰি, পাহাৰ অতিক্রম কৰিবলগীয়াও হৈছিল। জান-জুৰি, পাহাৰৰ সুকোমল শ্যামলীমাই জুলিয়াক মুহি পেলাইছিল। জুলিয়াৰ ঘৰত মতা মৰমৰ নাম আছিল বাটাৰফ্লাই(পখিলা)। এই নামৰ আঁৰতো এটি কাহিনী আছে। এবাৰৰ কথা। জুলিয়াই খোজ কাঢ়ি ঘূৰি ফুৰোতে হঠাতে এটা পখিলা আহি জুলিয়াৰ হাতৰ আঙুলিত পৰিল । পখিলাটো বহু সময়লৈকে তাইৰ আঙুলিৰ পৰা আঁতৰি যোৱা নাছিল। তাকে দেখি সিদিনাৰ পৰা সকলোৱে জুলিয়াক বাটাৰফ্লাই বুলি মৰমতে মাতিবলৈ আৰম্ভ কৰে। পাছলৈ জুলিয়া বাটাৰফ্লাই হিল নামেৰে অধিক পৰিচিত হৈ পৰিছিল।


কেলিফর্ণিয়াত পোৱা এবিধ মূল্যৱান গছ হ’ল ৰেডউদ গছ। এই গছবিধ পৃথিৱীৰ ভিতৰত পোৱা ওখ গছবোৰৰ ভিতৰত অন্যতম। কেলিফর্ণিয়াক প্রাকৃতিকভাৱে সমৃদ্ধ কৰা এবিধ উদ্ভিদ। পেচিফিক লাম্বাৰ কোম্পানী নামৰ এটা কোম্পানীয়ে বাণিজ্যিক কাৰণত এই মূল্যৱান ৰেডউড গছ কাটিবলৈ আৰম্ভ কৰিছিল। কোম্পানীয়ে কাটিবলৈ লোৱা ৰেডউদ গছবোৰৰ মাজত প্রায় ১০০০ বছৰীয়া এজোপা গছ আছিল। এই গছজোপা ৰক্ষা কৰিবলৈ বহু স্থানীয় সচেতন লোক আৰু Earth First নামৰ সংৰক্ষণকামী গোষ্ঠীটোৱে চিন্তা চর্চা কৰে। প্রায় ২০০ ফুট ওখ প্রকাণ্ড গছজোপাক লুনা নামেৰে নামাকৰণ কৰি ৰাইজৰ মাজত জনমত গঢ়াৰ উদ্যোগ লোৱা হৈছিল। ইয়াৰ সমান্তৰালভাৱে তেওঁলোকে গছজোপাৰ ওপৰত এখন চাং সাজি তাত পাল পাতি থাকিবলৈ আৰম্ভ কৰে, যাতে গছজোপা কটাত বাধা দিব পাৰে। প্রবল জনমতেৰ অবিহনে এই গছজোপাক কটাৰ পৰা ৰক্ষা কৰাটো সেই সময়ত অসম্ভৱ আছিল।


সেয়া আছিল শীতকালৰ কথা। প্রচণ্ড শীতে চাঙত পাল পাতি থকা ব্যক্তিসকলৰ মাজত অসুবিধাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। সেই সময়তে তেওঁলোকৰ সৈতে লগ দিয়েহি জুলিয়াই। ১৯৯৭ চনৰ ১০ ডিচেম্বৰ তাৰিখে জুলিয়াই প্রথমবাৰৰ বাবে আর্থ ফার্ষ্টৰ কর্মীসকলৰ সৈতে চাঙত উঠে যদিও শীতৰ প্রকোপত তেওঁ পাঁচ দিনৰ পাছতে চাঙৰ পৰা নামি আহিবলৈ বাধ্য হয়। কিন্তু ইয়াৰ লগে লগে জুলিয়াই এই বিষয়ে চিন্তা কৰি ঠিক কৰিলে যে সংৰক্ষণকামী ব্যক্তিসকলে চাঙত থাকিবলৈ অসুবিধা পাই যদি এনেদৰে নামি আহে গছজোপা ৰক্ষা কৰাটো অসম্ভৱ হৈ উঠিব। সেয়েহে জুলিয়াই পেচিফিক লাম্বাৰ কোম্পানীৰ বনধ্বংসৰ পৰিকল্পনা বন্ধ কৰাৰ লগতে কোম্পানীয়ে পৰিৱেশৰ প্ৰতি কৰা অৱজ্ঞা উন্মোচন কৰি পাহাৰৰ স্থিতিশীলতাত অৰণ্যই পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে জনসজাগতা বৃদ্ধি কৰাক মূল উদ্দেশ্য হিচাপে লৈ চাঙত থকাটোকে ঠিৰাং কৰিলে। জুলিয়াই ১৮০ ফুট ওপৰত থকা ৮ ফুট দৈর্ঘ্য আৰু ৬ ফুট প্রস্থৰ চাংখনত ১০ ডিচেম্বৰ ১৯৯৭ চনৰ পৰা ১৮ ডিচেম্বৰ ১৯৯৯ চনলৈকে ৭৩০ দিন অতিবাহিত কৰে। এই দুটা বছৰ তেওঁ গছজোপাৰ ওপৰত থকা ঠেক চাংখনতে নিত্য নিমিত্তিক কাম-কাজ সম্পাদনা কৰিছিল। এই ক্ষেত্রত আর্থ ফার্ষ্টৰ কর্মীসকলে জুলিয়াক সহায় কৰিছিল। দৃঢ়মনা জুলিয়াৰ সন্মুখন কোম্পানীয়ে নত শিৰ কৰিবলৈ বাধ্য হয় আৰু ১৯৯৯ চনৰ ডিচেম্বৰ মাহত এক চুক্তি স্বাক্ষৰিত কৰে। এই চুক্তিৰ ফলত লুনাৰ লগতে আন বহুতো ৰেডউদ গছৰ জীৱন ৰক্ষা পৰে। অৱশেষত ১৯৯৯ চনৰ ১৮ ডিচেম্বৰ তাৰিখে জুলিয়া গছজোপাৰ পৰা নামি আহিল। তাইৰ অটল বিশ্বাস আৰু সতৰ্কতাৰ ফলত পৰিৱেশ সুৰক্ষাৰ এক যুগান্তকাৰী বিজয় সম্ভৱ হৈ উঠে।



সুগন্ধমন্ত্ৰী বা গান্ধকচু - ব্যৱসায়িকভাৱে গুৰুত্বপূৰ্ণ উদ্ভিদ

✍️ ৰক্তিম বৰুৱা

- বিষয় বস্তু বিশেষজ্ঞ , উদ্যান শস্য বিভাগ , কৃষি বিজ্ঞান কেন্দ্ৰ , বাক্সা


ভাৰতত চাৰিটা জৈৱ বৈচিত্ৰ্যৰ হটস্পট (hotspot) আছে য’ত প্ৰায় ৯৫০০ প্ৰজাতিৰ উদ্ভিদৰ নৃতাত্বিক (ethnobotanical) গুৰুত্ব আছে তথা প্ৰায় ৮০০০ প্ৰজাতিৰ উদ্ভিদৰ পৰম্পৰাগত আৰু আধুনিক দুয়োটা ক্ষেত্ৰতে ঔষধি ব্যৱহাৰ আছে। এই প্ৰজাতিসমূহৰ ভিতৰত সুগন্ধমন্ত্ৰী বা Homolomena aromatica এনে এটা প্ৰজাতি যিয়ে বাতবিষ, ছালৰ ৰোগ, বধিৰতা আদি বিভিন্ন ৰোগৰ চিকিৎসাৰ পৰম্পৰাগত আৰু আধুনিক পদ্ধতিৰে ব্যৱহাৰ কৰা উচ্চ মূল্যৰ ঔষধি উদ্ভিদ। এই উদ্ভিদক বিভিন্ন স্থানীয় নামেৰে জনা যায় যেনে অসমীয়াত গনসোনা, বেংগলীত গান্ধীকোচু বা গান্ধাকোচু, মিজোত

আনচেৰী, মণিপুৰীত হংগু-ককলা-মানবি। দক্ষিণ এছিয়া অঞ্চলৰ কেইবাটাও জনগোষ্ঠীৰ মাজত ই এক জনপ্ৰিয় পৰম্পৰাগত ঔষধি উদ্ভিদ। ইয়াৰ দুটা প্ৰজাতি উত্তৰ-পূব ভাৰতত ব্যাপকভাৱে পোৱা যায়। পাহাৰৰ ঢাল আৰু পাহাৰৰ তলত অন্যান্য গছ-গছনিৰ লগতে য’ত পৰ্যাপ্ত ছাঁ পোৱা যায় তাত এই উদ্ভিদবিধ প্ৰাকৃতিকভাৱে গজি উঠা দেখা যায়। ঔষধি গুণসমূহৰ ভিতৰত এন্টিডিপ্ৰেছন, এন্টিচেপ্টিক, এনালজেচিক, চেডেটিভ, এন্টিস্পাচমোডিক, এন্টি-ইনফ্লেমেটৰী আৰু ছালৰ সংক্ৰমণ আদি উল্লেখযোগ্য। তদুপৰি ৰাইজ'মৰ (rhizome / প্ৰকণ্ড ) পৰা প্ৰস্তুত কৰা তেলৰ চাহিদা সুগন্ধি আৰু প্ৰসাধন উদ্যোগত অধিক ব্যৱহাৰ হয় ৷


ইয়াৰ ব্যৱহাৰ:


পাচলি হিচাপেঃ উত্তৰ-পূৱ ভাৰতৰ কিছুমান জনগোষ্ঠীয়ে ইয়াৰ পাত আৰু ৰাইজ'ম শাক হিচাপে গ্ৰহণ কৰে। ইয়াৰ সুগন্ধিৰ বাবে ডালবোৰ তৰকাৰীত মচলা হিচাপে ব্যৱহাৰ কৰা হয়।


পৰম্পৰাগত চিকিৎসাঃ বাতবিষ, পেটৰ বিষ, আঘাত আৰু হাড় ভঙা আদি বিভিন্ন ৰোগৰ চিকিৎসাত পৰম্পৰাগতভাৱে পাত আৰু ৰাইজ'মৰ পৰা প্ৰস্তুত কৰা পেষ্ট ব্যৱহাৰ কৰা হয়।


উদ্যোগত: আৱশ্যকীয় তেল , প্ৰধানকৈ সুগন্ধি আৰু প্ৰসাধন উদ্যোগত ব্যৱহাৰ কৰা হয়। পাতনৰ পিছত থাকি যোৱা অংশবোৰ ধূপ উৎপাদনত ব্যৱহাৰ কৰা হয়।


এন্টিচেপ্টিক ব্যৱহাৰ: ছালৰ সংক্ৰমণৰ বিৰুদ্ধে ব্যৱহাৰৰ কৰা হয়।


ৰাইজ'মৰ (rhizome) পৰা প্ৰস্তুত কৰা তেল প্ৰতি লিটাৰত ৩০০০০ - ৬০০০০ টকাত আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰা হয়। কিন্তু সাধাৰণ মানুহ আৰু কৃষকৰ সজাগতাৰ অভাৱত মধ্যভোগীসকলে সুবিধা লৈ শুকান ৰাইজ'ম মাত্ৰ ১ৰ পৰা ২ টকা প্ৰতি কেজিত ক্ৰয় কৰি লৈ যায়। অৱশ্যে অসমৰ একাংশ নাৰ্চাৰী আৰু কাৰখানাই প্ৰতি কিলোগ্ৰাম শুকান ৰাইজ'মত কৃষকক ৬০-৯০ টকালৈকে প্ৰদান কৰি আহিছে। সেয়েহে সুগন্ধমন্ত্ৰী হৈছে এক উচ্চ মূল্যৰ শস্য যিটো গ্ৰাম্য অৰ্থনীতিক উন্নীত কৰিবলৈ অন্বেষণ কৰিব পাৰি ৷ ইয়াৰ বাবে , কৃষি, বাণিজ্য , গৱেষণা আৰু উৎপাদন আদিৰ সৈতে জড়িত অনুষ্ঠান আৰ ব্যক্তিবিশেষৰ ভূমিকা সঠিক হব লাগিব ৷


 

সম্পাদনা সমিতি


তুষাৰ ৰঞ্জন কাশ্যপ , সবুজ শইকীয়া , বিতোপন দাস, ৰক্তিম বৰুৱা, জগত জ্যোতি বৰুৱা, ধীৰাজ শইকীয়া, গৌৰৱ শইকীয়া, অৰিন্দম খনিকৰ, ধ্ৰুবজ্যোতি কাকতি, ইমৰান হুছেইন , ৰুৱাইট্ বৰগোহাঞি , মানস প্ৰতিম দত্ত, নিহাল গগৈ

 

সম্পাদক


ধ্ৰুবজ্যোতি কাকতি

 


© Haritkona II হৰিৎকণা

185 views0 comments
bottom of page