top of page
  • Writer's pictureHaritkona Newsletter

অষ্টম বৰ্ষ-ষষ্ঠ সংখ্যা, জানুৱাৰী,২০২৪

Eighth Year - Sixth Edition, January, 2024




প্ৰকৃতিৰ নিষ্ঠুৰতাৰ সাক্ষী পম্পেয়ীৰ প্ৰলয় কাহিনী

✍️ গৌৰৱ শইকীয়া

- ইতিহাস বিষয়ক সমল লেখক


সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ গতিশীল বস্তুবিধেই হ’ল সময়৷ এই সময়ৰ কোনো ধ্বংসও নাই, আৰু সৃষ্টিও নাই, ঠিক একেধৰণে ইয়াৰ আদিও নাই আৰু অন্তও নাই৷ সময়ৰ গণ্ডীৰ ভিতৰতে যিধৰণে নতুনত্বৰ সৃষ্টি হয় ঠিক একেধৰণে এক নিৰ্দিষ্ট ব্যৱধানৰ পিছত ইয়াৰ ধ্বংসও সাধন হয় ৷

পৃথিৱীত এতিয়ালৈকে যিমানবোৰ আৱিষ্কৃত সভ্যতা আছে আৰু যিবোৰ এতিয়াও অনাৱিষ্কৃত হৈ আছে সেইবোৰো সময়ৰ গণ্ডীৰ ভিতৰতে গঢ় লৈ উঠিছিল আৰু এটা সময়ত বিভিন্ন কাৰণবশতঃ এইসমূহ পতনমুখী হৈছিল আৰু ৰৈ গৈছিল ইয়াৰ ধ্বংসাৱশেষ যাৰ ওপৰত ভিত্তি কৰিয়েই প্ৰত্নতত্ত্ববিদ, ইতিহাসবিদ আদিয়ে উক্ত সভ্যতাসমূহৰ অতীত বুনিয়াদ ৰচনা কৰিছিল ৷ প্ৰাচীন ইটালীৰ যীশুখ্ৰীষ্টৰ জন্মৰ পাছত ৰোমান সভ্যতাৰ সময়ত গঢ় লৈ উঠিছিল এখন বিখ্যাত চহৰ পম্পেয়ী৷ এই চহৰখনৰ অৱস্থিতি হ’ল ইটালীৰ নেপল্‌ছ চহৰৰ দক্ষিণ-পূবৰ কাম্পানিয়া৷ চহৰখনৰ অৱস্থিতি যদিও এটি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আছিল কিন্তু চহৰখনৰ নিচেই কাষতে (প্ৰায় ৫ মাইল নিলগত) বিছুভিয়াছ আগ্নেয়গিৰি আৰু এই আগ্নেয়গিৰিটোৱেই এটা সময়ত এই সুন্দৰ চহৰখনলৈ কাল নমাই আনিছিল ৷ আদিতে এই চহৰখন গ্ৰীক সকলৰ অন্তৰ্গত আছিল (খ্ৰীষ্টপূৰ্ব অষ্টম শতিকা) আৰু পিছলৈ খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত ই ৰোমান সকলৰ কবলত পৰিছিল ৷ এই চহৰখনৰ আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু আছিল যে বেছিভাগ ৰোমান অভিজাত সম্প্ৰদায়ৰ লোকে এই ঠাইলৈ নিজৰ ছুটী উদ্‌যাপন কৰিবলৈ আহিছিল৷ দৰাচলতে অন্য অৰ্থত ক’বলৈ গ’লে পম্পেয়ী ৰোমান সকলৰ দিনৰ আমোদ-প্ৰমোদৰ মূখ্য স্থলী আছিল ৷ ৰোমানসকলৰ অধিষ্ঠাত্ৰী দেৱী পম্পেইয়ানাৰ নাম অনুসৰি এই চহৰখনৰ নাম সম্পূৰ্ণৰূপে “কল’নীয়া কৰ্নেলিয়া ভেনেৰিয়া পম্পেইয়ানা ৰোম বা চমুকৈ পম্পেয়ী ৰখা হৈছিল ৷

এই চহৰ পৰ্যটনৰ মূল জনপ্ৰিয় ঠাই হোৱাৰ উপৰিও এক অতি ব্যস্ত বাণিজ্যিক ঘাটিও আছিল৷ ৰাষ্টাৰ কাষতেই সুন্দৰ বাসগৃহ তথা প্ৰাসাদ সমূহ নিৰ্মাণ কৰি উলিওৱা হৈছিল৷ বহু দূৰ-দূৰণিৰ বণিক সকলে এই ঠাইলৈ তেওঁলোকৰ ব্যৱসায়িক পণ্যদ্ৰৱ্য সমূহ ঘোঁৰাগাড়ীত কঢ়িয়াই আনিছিল আৰু লগতে অতি প্ৰচুৰ হাৰত এই ঠাইত দাসপ্ৰথা আৰু ব্যৱসায়ো গঢ় লৈ উঠিছিল আৰু দাস সকলক বিশেষকৈ ইয়াৰ বিভিন্নধৰণৰ সৰু বৰ উদ্যোগ সমূহত শ্ৰমিক হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ পথৰ সমীপতে বিভিন্নধৰণৰ শিল্পৰ দোকানসমূহো গঢ়ি উঠিছিল ৷ ৰাজহুৱা স্নানাগাৰ, বেশ্যালয় আৰু পান্থশালা সমূহো ৰাজহুৱা স্থানতে অৱস্থিত আছিল য’ত দেশী-বিদেশী পৰ্যটক আৰু বণিকে ভিৰ লগাইছিল ৷ ২০,০০০ দৰ্শক একেলগে বহিব পৰা আসনবিশিষ্ট সুবৃহৎ ক্ৰীড়াংগন ক্ষেত্ৰও পম্পেয়ীত আছিল য’ত দৰ্শক সকলে বিভিন্ন ধৰণৰ প্ৰাচীন ৰোমৰ গ্লেডিয়েটৰ সকলে প্ৰদৰ্শন কৰা খেল উপভোগ কৰিছিল ৷ বিছুভিয়াছ আগ্নেয়গিৰিৰ উদ্‌গীৰণৰ সময়ছোৱাত প্ৰত্নতত্ত্ববিদসকলে আন্দাজ কৰা মতে পম্পেয়ীত আনুমানিক ১২,০০০ লোকে বসবাস কৰিছিল ৷ বৈজ্ঞানিক তথ্যমতে পম্পেয়ীৰ নিকটৱৰ্তী বিছুভিয়াছ আগ্নেয়গিৰিটো সৰ্বমুঠ ৫০ বাৰ উদগীৰণ হৈছিল কিন্তু ইয়াৰ আটাইতকৈ ভয়াবহ উদগীৰণটো সংঘটিত হৈছিল ৭৯ খ্ৰীষ্টাব্দৰ ২৬ আগষ্টত আৰু এই উদগীৰণৰ ফলত গলিত জ্বলন্ত লাভাই এই সুন্দৰ চহৰখন নিমিষতে ৬-৭ মিটাৰ তলত ভষ্মীভূত কৰি পেলাইছিল ৷ প্ৰায় ২০০০ লোক নিমিষতে সমাধিস্থ হৈছিল ৷ ঐতিহাসিক ৰোমান লেখক প্লিনীৰ লেখাতো এই চহৰখনৰ আগ্নেয়গিৰিৰ কবলত পৰাৰ কথাই স্থান পাইছিল; যিহেতু তেওঁ নিজেও এই ঘটনাৰ সাক্ষী আছিল৷ প্লিনীয়ে লিখিছিল যে-“ মই পৃথিৱীখনৰ লগতে ক্ষয় যাবলৈ ধৰিছোঁ আৰু পৃথিৱীখনো মোৰ লগতে নিঃশেষ হৈ যাব ধৰিছে ৷ ” আগ্নেয়গিৰিৰ উদগীৰণৰ কবলৰ পৰা বাছি যোৱাসকলৰ অৱস্থাও যথেষ্ট শোচনীয় হৈ উঠিছিল যিহেতু ধ্বংসলীলাৰ অন্ত হোৱাৰ পিছতো বহুদিনলৈকে পম্পেয়ী চহৰখনৰ ওপৰিও ইয়াৰ নিকটৱৰ্তী বহু মাইল অঞ্চলজুৰি আগ্নেয়গিৰিৰ ক’লা ঘন ধোঁৱাই আৰু ছাইৰ গুৰিয়ে সমগ্ৰ ঠাই আগুৰি পেলাইছিল আৰু যাৰফলত তাৰ আবাসীসকলে উশাহ লোৱাটো যথেষ্ট কষ্ট পাইছিল আৰু বহুলোকে পিছলৈ শ্বাসহীনতাত ভুগি মৃত্যুক আকোঁৱালি লৈছিল ৷ আগ্নেয়গিৰিৰ উদগীৰণৰ পৰা ধৰি পৰৱৰ্তী সময়ছোৱালৈ বিভিন্ন কাৰণবশতঃ সমগ্ৰ অঞ্চলটোত মুঠ ১৬,০০০ লোকৰ মৃত্যু ঘটিছিল ৷ উদগীৰণ শাম কটাৰ পিছত বহুলোকে নিজৰ আত্মীয় স্বজনক বিচাৰি পম্পেয়ীলৈ গৈছিল যদিও তাত ছাই আৰু লাভাৰ স্তুপৰ বাহিৰে একো বাকী নাছিল ৷

পম্পেয়ী চহৰখন বিশেষকৈ আধুনিক সভ্যতাৰ পোহৰলৈ আহিছিল ১৭৮৪ চনত, চৰকাৰী খনন কাৰ্য্যৰ জড়িয়তে আৰু এই খনন কাৰ্য্যৰ ফলত আৰু বহু তথ্য পোহৰলৈ আহে ৷ আগ্নেয়গিৰিৰ লাভাই সমগ্ৰ চহৰখন পুতি পেলোৱাৰ পিছতো ভূগৰ্ভৰ বহু মিটাৰ তলত মানুহৰ সমাধিস্থ কংকাল, সুপৰিকল্পিত বাটপথ, জলপৰিবহণ ব্যৱস্থা সকলোবোৰ অক্ষত অৱস্থাত পোৱা গৈছিল ৷ সকলোতকৈ উল্লেখযোগ্য দিশটো আছিল এই চহৰতে ৰাজহুৱা দেৱালত অঁকা বিজ্ঞাপন দিয়া শৈলীকো সৰ্বপ্ৰথমে পম্পেয়ীতে পোৱা গৈছিল; য’ত আছিল বিভিন্ন নিৰ্বাচনী প্ৰচাৰ,নানাধৰণৰ চিত্ৰ, বিখ্যাত কবি ভাৰ্জিলৰ কবিতাৰ নিৰ্বাচিত শাৰী ইত্যাদি৷ খনন কাৰ্য্যৰ ফলত বিভিন্ন উচ্চ মানদণ্ডৰ গ্ৰীচ-ৰোমান সভ্যতাৰ সংমিশ্ৰিত স্থাপত্য ভাস্কৰ্যৰ বস্তুও চহৰখনত উদ্ধাৰ হৈছে, যিসমূহৰ জড়িয়তে আমি সেইসময়ৰ চহৰৰ আবাসীসকলৰ দৈনন্দিন জীৱনশৈলীৰ বিভিন্ন কথা জানিব পাৰোঁ৷ আগ্নেয়গিৰিৰ উদগীৰণৰ ফলতেই পম্পেয়ী চহৰখন ধ্বংসপ্ৰাপ্ত হোৱাৰ উপৰিও ৬৩ খ্ৰীষ্টাব্দত হোৱা অন্য এক প্ৰবল ভূমিকম্পৰ ফলতো চহৰখনৰ যথেষ্ট ক্ষয়ক্ষতি হৈছিল যিটোৱে অনাকাংক্ষিত ভৱিষ্যতে হ’বপৰা অন্য প্ৰাকৃতিক দুৰ্যোগৰ দিশটোৰো আগতীয়া ইংগিত দিছিল যদিও পম্পেয়ীৰ আবাসীসকলে চহৰখন এৰি অন্য ঠাইলৈ স্থানান্তৰিত হোৱাৰ প্ৰয়াস কৰা নাছিল ৷ আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত কেৱল পম্পেয়ী চহৰখনেই ক্ষতিসাধন হোৱা নাছিল বৰঞ্চ ইয়াৰ নিকটৱৰ্তী অন্য এখন চহৰ হাৰ্কিউলেনিয়াম নামৰ চহৰখনৰো বিস্তৰ ক্ষতিসাধন হৈছিল আৰু বহু শতিকাজুৰি এই দুইখন চহৰক জীৱন্ত সমাধিৰ চহৰ হিচাপে পৰিগণিত হৈ আছিল আৰু সহস্ৰ বছৰ ধৰি এই দুইখন চহৰ জনশূণ্য অৱস্থাত পৰি আছিল ৷

বহুতো শিক্ষাবিদে বিশ্বাস কৰে যে পম্পেয়ী চহৰখনৰ আৱিষ্কাৰে ১৮শ শতিকাত ইউৰোপত এক নতুন ধ্ৰুপদী যুগৰ সৃষ্টি কৰিছিল ৷ খনন কাৰ্য্যৰ যোগেদি আৱিষ্কাৰ হোৱা প্ৰাসাদোপম ঘৰসমূহৰ নিৰ্মাণশৈলী পিছলৈ বহুতো ইউৰোপৰ অভিজাত পৰিয়ালে নকল কৰি নিজৰ ঘৰদুৱাৰ উক্ত আৰ্হিত নিৰ্মাণ কৰিছিল ৷ বিশেষকৈ এইক্ষেত্ৰত সম্পদশালী ব্ৰিটিছ পৰিয়ালসমূহে পম্পেয়ী চহৰৰ প্ৰাসাদৰ আৰ্হিত Etruscan rooms নিৰ্মাণ কৰিছিল৷ ১৮৩৪ চনত পম্পেয়ী চহৰৰ প্ৰলয়ৰ কাহিনীৰ ওপৰত ভিত্তি কৰি বিখ্যাত ইংৰাজ সাহিত্যিক লৰ্ড লিটনে তিনিটা খণ্ডত The Last Days of Pompei উপন্যাসখন লিখি উলিয়ায় ৷ ২০১৪ চনত হলিউদেও এই চহৰৰ নামত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰি উলিয়ায়৷ ১৯৯৭ চনত UNESCO য়ে পম্পেয়ী চহৰক বিশ্ব ঐতিহ্যৰ স্থান হিচাপে অভিহিত কৰে ৷ আজিও বিশ্বৰ সহস্ৰাধিক লোকক, শিক্ষাবিদ, ঐতিহাসিক, প্ৰত্নতত্ত্ববিদ আৰু পৰ্যটক সকলোকে পম্পেয়ী চহৰৰ পতনমুখী সভ্যতাৰ কাহিনীয়ে সদায়ে আকৰ্ষিত কৰি আহিছে ৷ সময়ৰ তীব্ৰ নিষ্ঠুৰতাৰ মাজত এনেকৈয়ে ঘটিছিল এটা উচ্চ মানদণ্ডৰ নগৰীয়া সভ্যতাৰ কৰুণ অৱসান৷ সময় আগবাঢ়ি যায় য’ত সভ্যতাই প্ৰাণো পায় আৰু পতনৰ মুখেও অৱধাৰিতৰূপত গতি কৰে আৰু এৰি থৈ যায় কেৱল ইয়াৰ অস্তিত্বৰ অৱশিষ্টবোৰ ৷



ষ্টাৰলিংক উপগ্ৰহ

✍️ দীপাঞ্জন কাশ্যপ

- সহকাৰী অধ্যাপক , অসম কৃষি বিশ্ববিদ্যালয়


বিগত কিছু সময় ধৰি পৃথিৱীৰ অইন ঠাইৰ লগতে আমাৰ ভাৰত তথা অসমৰো বিভিন্ন স্থানৰ পৰা সন্ধিয়াৰ আকাশত এক বিস্ময়কৰ ৰশ্মি প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছে । সেই ৰশ্মিক লৈ ভিন্ন জনৰ ভিন্ন মত। এচামে এইবোৰক অন্য উপগ্ৰহৰ পৰা অহা স্পেচক্ৰাফ্ট বুলি সন্দেহ কৰাৰ বিপৰীতে আন একাংশই ইয়াক তৰামণ্ডলৰ কোনো বৃহৎ তৰাপুঞ্জ বুলি অভিহিত কৰা দেখা গৈছিল । আচলতে কথাটো তেনেকুৱা নহয় । এইবোৰ দৰাচলতে হৈছে ষ্টাৰলিংক উপগ্ৰহ। আমেৰিকাৰ বিশ্ববিখ্যাত পুঁজিপতি এলন মাক্সৰ ব্যক্তিগত প্ৰচেষ্টাত গঢ় লৈ উঠা এই উপগ্ৰহে বৰ্তমান বিশ্বৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । উপগ্ৰহবোৰে একেলগে সৰল ৰৈখিক অৱস্থানত থাকি পৃথিৱীক প্ৰদক্ষিণ কৰে বাবে ইয়াক দীঘল উজ্জ্বল ৰেখা এডালৰ দৰে দেখা যায় । বহুতে ভবাৰ দৰে ই অকল ৰাতিয়ে নোলায়; চৌব্বিশ ঘণ্টায়ে ই পৃথিৱীক প্ৰদক্ষিণ কৰি থাকে যদিও দিনৰ পোহৰত ইয়াক খালী চকুৰে দেখা নাযায় ।

ষ্টাৰলিংক হৈছে ব্যক্তিগত মহাকাশ বিমান কোম্পানী স্পেচএক্সে গ্ৰামাঞ্চল আৰু ভিতৰুৱা স্থানলৈ কম খৰচী ইণ্টাৰনেট প্ৰদানৰ বাবে বিকশিত কৰা উপগ্ৰহ নেটৱৰ্কৰ নাম । স্পেচএক্সে ২০১৯

চনত ষ্টাৰলিংক উপগ্ৰহ উৎক্ষেপণ আৰম্ভ কৰিছিল । বৰ্তমানলৈ ৫,২৮৯টা উপগ্ৰহে পৃথিৱীৰ কক্ষপথত প্ৰদক্ষিণ কৰি সফলভাৱে নিজৰ কৰ্ম সম্পাদন কৰি আছে । বৰ্তমানৰ ভি-২ ষ্টাৰলিংক উপগ্ৰহৰ উৎক্ষেপণৰ সময়ত ওজন আছিল প্ৰায় ১,৭৬০ পাউণ্ড (৮০০ কিলোগ্ৰাম), যিটো পুৰণি প্ৰজন্মৰ উপগ্ৰহতকৈ প্ৰায় তিনিগুণ গধুৰ (৫৭৩ পাউণ্ড বা ২৬০ কিলোগ্ৰাম)। ষ্টাৰলিংক উপগ্ৰহবোৰে পৃথিৱীৰ পৰা প্ৰায় ৩৪২ মাইল (৫৫০ কিলোমিটাৰ) ওপৰেদি প্ৰদক্ষিণ কৰে । বৰ্তমান ব্যৱহৃত ষ্টাৰলিংক উপগ্ৰহৰ আয়ুস হৈছে প্ৰায় পাঁচ বছৰ । খুব কম সময়ৰ ভিতৰতে প্ৰায় ১২ হাজাৰ উপগ্ৰহ নিয়োগ কৰাৰ পৰিকল্পনা কৰা হৈছে, যিটো ৪২ হাজাৰ উপগ্ৰহলৈ সম্প্ৰসাৰণৰ এক দীৰ্ঘম্যাদী পৰিকল্পনা আছে । ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত স্পেচএক্সে ২০ লাখ গ্ৰাহক পোৱাৰ কথা ঘোষণা কৰিছিল । বৰ্তমানলৈ এই ব্যৱস্থাই ৭০খনতকৈও অধিক দেশত বিস্তৃতি লাভ কৰিছে ।

পৰিকল্পিত এই বৃহৎ সংখ্যক উপগ্ৰহে পোহৰ প্ৰদূষণ কৰা বুলি চৰ্চিত হৈছে আৰু জ্যোতিৰ্বিজ্ঞান সমাজৰ সমালোচনাৰ সন্মুখীন হৈছে । জ্যোতিৰ্বিজ্ঞানীসকলে দাবী কৰিছে যে এই অভিলাষী ব্যক্তিগত খণ্ডৰ উপগ্ৰহে মহাকাশৰ তৰামণ্ডলৰ বৈজ্ঞানিক পৰ্যবেক্ষণৰ ওপৰত প্ৰভাৱ পেলাব; আলোকীয় আৰু ৰেডিঅ’ তৰংগদৈৰ্ঘ্যৰ ওপৰত কৃত্ৰিম উপগ্ৰহৰ উজ্জ্বলতাই গুৰুতৰ প্ৰভাৱ পেলোৱাত এই সমস্যাৰ সৃষ্টি হ'ব । যিমানেই এনেধৰণৰ উপগ্ৰহৰ সংখ্যা বৃদ্ধি পাব সিমানেই মহাকাশৰ বিভিন্ন বিষয়ৰ বিশদ অধ্যয়নৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব। আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘ (আই.এ.ইউ.) আৰু ৰাষ্ট্ৰীয় ৰেডিঅ’ জ্যোতিৰ্বিজ্ঞান মানৱ নিৰীক্ষণ কেন্দ্ৰ (এন.আৰ.এ.অ’.)ই এই বিষয়ত উদ্বেগ প্ৰকাশ কৰি আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে ।

ষ্টাৰলিংক উপগ্ৰহৰ সফলতাৰ পিছত আমেৰিকাৰ আন এজন প্ৰখ্যাত পুঁজিপতি আমাজন কোম্পানীৰ মুৰব্বী জেফ বেজোছেও নিজৰ ৰকেট কোম্পানী 'ব্লু অৰিজিন'ৰ বেনাৰত কুইপাৰ‌ প্ৰকল্পৰ অংশ হিচাপে অনতিপলমে এলানি উপগ্ৰহ মহাকাশলৈ পঠিওৱাৰ কামত মগ্ন হৈ আছে । অনাগত দিনত বিশ্বৰ অন্যতম দুই ধনাঢ্য ব্যক্তিৰ মাজৰ এই যুঁজখন আকৰ্ষণীয় হ'ব । মাক্সেও ইতিমধ্যে ঘোষণা কৰিছে যে ষ্টাৰলিংক উপগ্ৰহৰ দ্বাৰা পৰৱৰ্তী সময়ত ম'বাইল ফোনৰ সংযোগো প্ৰদান কৰা হ'ব । বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ৰমবৰ্ধমান উন্নতিয়ে আচৰিত যেন লগা অনেক কাম চকুৰ পচাৰতে সম্ভৱ কৰি তুলিছে। বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাকৃতিক প্ৰক্ৰিয়াত নঞৰ্থক প্ৰভাৱ নপৰাকৈ বিজ্ঞানৰ এই জয়যাত্ৰা অব্যাহত থাকক ।



সম্পাদকীয়


✍️ ব্লকচেইন প্ৰযুক্তি ... তথ্য-প্ৰযুক্তিৰ দ্ৰুত উন্নয়ন যেনেকৈ বৰ্তমানৰ পৃথিৱীখনৰ বাবে এক প্ৰয়োজনীয় বিষয় ঠিক তেনেকৈ প্ৰত্যেকজন ব্যক্তিবিশেষে বিশ্বৰ প্ৰতিটো কোণতে সিঁচৰতি হৈ থকা প্ৰত্যেকটো তথ্য লাভ কৰাটোও প্ৰয়োজনীয় ৷ আজিৰ পৃথিৱীত তথ্য চুৰি আৰু হেৰ-ফেৰ কৰাটো সহজ ৷ তথ্যৰ বিকেন্দ্ৰীকৰণ কৰাৰ উদ্দেশ্যৰেই ১৯৯১ চনৰ সময়ছোৱাত ব্লকচেইন নামৰ প্ৰযুক্তিৰ উদ্ভাৱন হৈছিল ৷ ইয়াৰ প্ৰকৃত ব্যৱহাৰ হৈছিল ২০০৮ চনত আৰু ইয়াক ব্যৱহাৰ কৰা হৈছিল বৰ্তমানৰ সকলোৰে বাবে এটা আকৰ্ষণীয় বিষয় বিটকইন ক্ৰিপ্টকাৰেন্সিত ৷ সেই বিটকইনৰ উদ্ভাৱক আছিল ছাট’চি নাকামাট’ ৷ অৱশ্যে উক্ত ব্যক্তিজন ছদ্মনামৰ আছিল আৰু এতিয়াও প্ৰকৃত পৰিচয় জানিব পৰা হোবা নাই ৷

ব্লকচেইন হৈছে এক অংকীয় ( Digital ) তথ্যকোষ বা খাতাবহী ( Ledger ) যি কোনো কেন্দ্ৰীয় নিয়ন্ত্ৰণ গোট বা কক্ষ নোহোৱাকৈ বহুতো কম্পিউটাৰ চিষ্টেমত বিকেন্দ্ৰীকৰণ ( Decentralised ) হৈ থাকে ৷ এই চেইনৰ একোটা ব্লক হৈছে তথ্যৰ সমাহাৰ আৰু এনেদৰে বহুটো ব্লক লগলাগি এডাল ডিজিটেল চেইনৰ সৃষ্টি কৰে ৷ এই ব্লকচেইন ব্যৱস্থাপনাৰ বাবে বিভিন্ন প্লেটফৰ্মৰ ব্যৱহাৰ কৰা হয় ৷ প্ৰতিটো ব্লকতে ব্লকটো সৃষ্টি কৰাৰ সময় , লেনদেন কৰা তথ্য আৰু পূৰ্বৱৰ্তী ব্লকৰ সৈতে এটা যোগাযোগ থাকে ৷ ব্লক চেইনত হেজ ( Hash ) নামেৰে এক বিশেষ পদ্ধতি থাকে ৷ ই ব্লক সমূহৰ তথ্য সুৰক্ষিত কৰাত সহায় কৰে। এই হেজ সমূহ আখৰ আৰু সংখ্যাৰ সমষ্টি ( যেনে - 6U9P2 ) ৷ তথ্য কোনো ব্লকত দি দিয়াৰ পিছত প্ৰতিটো ব্লকে একোটা সংখ্যা আৰু আখৰৰ সমষ্টিৰে গাঁঠনিৰ সৃষ্টি কৰে যাক হেজ বোলে ৷ প্ৰযুক্তিগত ভাবে এটা হেজ সৃষ্টি হোৱাৰ পিছত তাক আকৌ ঘূৰাই প্ৰথম পৰ্যায়ৰ তথ্য সমূহলৈ যাব নোৱাৰি । ব্লকচেইনত থকা একোটা ব্লকে নিজ ব্লকটোৰ হেজৰ লগতে পূৰ্বৱৰ্তী ব্লকটোৰ হেজটোও বহন কৰে ৷ এতিয়া যদি এটা সৰু তথ্যও হেৰ-ফেৰ কৰো তেন্তে উক্ত ব্লকটোত প্ৰভাৱ পৰাৰ লগতে আগৰ ব্লকটোতো প্ৰভাৱ পৰিব আৰু এনেদৰে সকলো পূৰ্বৱৰ্তী ব্লকতে প্ৰভাৱ পৰিব ৷ প্ৰযুক্তিগত ভাবে এডাল চেইনত লাখ-লাখ ব্লক থাকে । গতিকে এটা ব্লকৰ তথ্য সলনি কৰা মানে সকলো ব্লকতে কৰিব লাগিব তথা চেইন ডালৰ গৰিষ্ঠসংখ্যক অংশগ্ৰহণকাৰীকে মান্তি কৰাব লাগিব যিটো অসম্ভৱ ৷ প্ৰতিডাল ব্লকচেইনত আৰম্ভণিৰ ব্লকটোক জেনেছিছ ব্লক বুলি কোৱা হয় । জেনেচিছ ব্লকটো সাধাৰণতে ব্লকচেইন নেটৱৰ্কৰ ছফ্টৱেৰত হাৰ্ডকোড ( কম্পিউটাৰ বিজ্ঞানৰ ভাষাত হাৰ্ডকোড মানে তথ্য প্ৰগ্ৰেমত দিয়াৰ পিছত ই অপৰিৱৰ্তনশীল ) কৰা হয় আৰু পৰ্যায়ক্ৰমে পৰৱৰ্তী ব্লক সমূহ সৃষ্টি হয় । উদাহৰণস্বৰূপে বিটকইন প্ৰযুক্তিত ছাট’চি নাকামাট’ - এ জেনেচিছ ব্লকটো সৃষ্টি কৰিছিল ৷ তথ্য সমূহ ব্লক চেইন নেটৱৰ্কত এৰি দিয়াৰ পিছত নেটৱৰ্কত থকা এক বিশেষ অংশগ্ৰহণকাৰী ( এওঁলোক চেইনত তথ্য পৰীক্ষাৰ বাবে অংশ লয় ) য়ে তথ্যখিনি পৰীক্ষা কৰি এটা ব্লক সৃষ্টি কৰে আৰু ই আনসকল অংশগ্ৰহণকাৰীৰ বাবে দৃষ্টিগোচৰ হয় ৷ ইয়াৰ পিছত পৰীক্ষা কৰি গৰিষ্ঠ সংখ্যকে সন্মতি দিলে ব্লকটো শেষত চেইনত অন্তৰ্ভুক্ত হয়। পৰৱৰ্তী সময়ত চেইনত থকা সকলোৰে বাবে সকলো তথ্য উপলব্ধ হৈ পৰে ৷



ভাৰতৰ প্ৰথম শীতকালীন আৰ্কটিক অভিযান আৰু‌ "হিমাদ্ৰী"

✍️ ইমৰান হুছেইন

- এফ.ডি.অ. , মীন বিভাগ , অসম চৰকাৰ


শেহতীয়া তথ্য অনুসৰি গৱেষণা কেন্দ্ৰ "হিমাদ্ৰী" এতিয়া মেৰু নিশাৰ সময়ত অভিযানত সহায় কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম । ইয়াৰদ্বাৰা ভাৰতে বছৰজুৰি পৰ্যৱেক্ষণ আৰম্ভ কৰি ইতিহাস ৰচনা কৰিবলৈ সক্ষম । এই হিমাদ্ৰী হৈছে উত্তৰ মেৰুৰ পৰা ১,২০০ কিলোমিটাৰ (৭৫০ মাইল) দূৰত্বত নৰৱেৰ স্ভালবাৰ্ড (Svalbard) ৰ স্পিটচবাৰ্গেন (Spitsbargen) ত অৱস্থিত (২০০৮ চনৰ পৰা কাৰ্যক্ষম) ভাৰতৰ প্ৰথম স্থায়ী আৰ্কটিক গৱেষণা কেন্দ্ৰ। হিমাদ্ৰী এতিয়া মেৰু নিশাৰ সময়ত অভিযানত সহায় কৰাৰ বাবে প্ৰয়োজনীয় সুবিধাৰে সজ্জিত। আৰ্কটিকত যি ঘটে সেয়া কেৱল আৰ্কটিকতে আৱদ্ধ নাথাকে। আৰ্কটিক উষ্ণতা বৃদ্ধি আৰু পৰিৱৰ্তনবোৰে ইতিমধ্যে আমাক প্ৰভাৱিত কৰিছে, স্পষ্ট প্ৰমাণে দেখুৱাইছে যে ভাৰতত সংঘটিত হোৱা অত্যাধিক বৰষুণৰ ঘটনাৰ বহুকেইটাৰ উৎপত্তিৰ কাৰণ হৈছে আৰ্কটিকৰ সাগৰীয় বৰফৰ গলন । গৱেষকমহলে এইটোও প্ৰকাশ কৰিছে যে আৰৱ সাগৰৰ ঘূৰ্ণীবতাহৰ বৰ্ধিত তীব্ৰতা উষ্ণ আৰ্কটিকৰ সৈতে সম্পৰ্কিত। এই সমূহৰ বাবে জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱবোৰ ভালদৰে বুজিবলৈ আৰ্কটিক উপযুক্ত অঞ্চল । হিমাদ্ৰী ষ্টেচনৰ বছৰজুৰি চলা কাৰ্যকলাপবোৰে বিশেষকৈ বায়ুমণ্ডলীয় আৰু জৈৱবিজ্ঞান আৰু মহাকাশ পদাৰ্থ বিজ্ঞানৰ জটিল সমস্যা সমূহ সমাধান কৰাত সহায় কৰিব ।‌ যিহেতু ইয়াৰ আগতে আৰ্কটিকত শীতকালত শীতৰ প্ৰকোপত কোনোধৰনৰ পৰীক্ষা নিৰীক্ষা চলাব পৰা নাছিল ।

আৰ্কটিক আৰু বৈজ্ঞানিক অন্বেষণৰ মাজত প্ৰত্যাহ্বানজনক কাৰক বহুতো আছে। সীমিত

প্ৰৱেশদ্বাৰ, কঠোৰ জলবায়ু, কেইবা মাহৰ অন্ধকাৰ আৰু মেৰু ভালুকৰ দৰে বিপদজনক বন্যপ্ৰাণীৰ উপস্থিতিৰ ক্ষেত্ৰত আৰ্কটিক প্ৰত্যাহ্বানেৰে ভৰপূৰ । যদিও এণ্টাৰ্কটিকা অন্বেষণৰ বাবে অধিক কঠোৰ আৰু দূৰৱৰ্তী, আৰ্কটিক মুখ্যতঃ স্বতন্ত্ৰ অধ্যয়নৰ সীমিত স্থানৰ বাবে প্ৰত্যাহ্বানজনক । ইয়াৰ উপৰিও আৰ্কটিক হৈছে চৰম পৰিস্থিতিত জীৱন আৰু জীৱনৰ অভিযোজন বুজাৰ বাবে এক প্ৰাকৃতিক পৰীক্ষাগাৰ । ইয়াত চলিত উষ্ণতা বৃদ্ধি আৰু ক্ৰান্তীয় জলবায়ুৰ সৈতে ইয়াৰ সম্ভাৱ্য সম্পৰ্ক বুজিবলৈ পৰীক্ষা-নিৰীক্ষা কৰাৰ বৃহৎ সুযোগ আছে। বৰ্তমানে ভাৰতৰ মেৰু অভিযানৰ বাবে নোডেল এজেঞ্চী এনচিপিঅ'আৰ (NCPOR) - এ সামুদ্ৰিক (Marine), ক্ৰায়োস্ফিয়াৰ আৰু বায়ুমণ্ডলীয় বিজ্ঞান, মহাকাশ পদাৰ্থ বিজ্ঞান আৰু জৈৱবিজ্ঞানৰ শাখাৰ অধীনত উদ্ভাৱনীমূলক বৈজ্ঞানিক প্ৰস্তাৱ সমূহক প্ৰায়েই অনুমোদন কৰে। বিশেষকৈ যি সমূহ প্ৰকল্পৰ শীতকালত অধ্যয়ন কৰাৰ অধিক লাভ আৰু প্ৰয়োজনীয়তা আছে – যেনে বায়ুমণ্ডলীয় আৰু মহাকাশ পদাৰ্থ বিজ্ঞান‌ অধ্যয়ন, বিশেষকৈ অৰোৰাৰ (Aurora) দৰে বিশেষ পৰিঘটনাৰ ওপৰত ইত্যাদি ।



কানহাইয়ালাল মানেকলাল মুঞ্চী আৰু বন-বননিৰ বাবে এসপ্তাহ

✍️ মানস প্ৰতিম দত্ত

- স্নাতক শিক্ষক, ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় , লখিমপুৰ


সেয়া ১৯৫০ চনৰ কথা। তেতিয়া ভাৰতবৰ্ষৰ কেন্দ্ৰীয় কৃষি আৰু খাদ্য বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছিল কানহাইয়ালাল মানেকলাল মুঞ্চী । তেখেতৰ নেতৃত্বতে প্ৰকৃতিৰ বাবে, প্ৰকৃতিৰ হকে সপ্তাহজোৰা গছপুলি ৰোপণৰ এক উৎসৱমুখৰ সংৰক্ষণকামী অনুষ্ঠান আৰম্ভ কৰাৰ চিন্তা কৰা হয়।

সেই উদ্দেশ্যে ১৯৫০ চনত মুঞ্চীৰ হাতেৰে ৰাজঘাটত ৰোপণ কৰা এজোপা গছেৰে আৰম্ভ হয় এই সপ্তাহজোৰা গছপুলি ৰোপন উৎসৱৰ । প্ৰথম বৰ্ষৰ এই উৎসৱৰ বাবে ১০৮ টা গছপুলি প্ৰদান কৰিছিল দিল্লী গুজৰাটী সমাজে। ভাৰতবৰ্ষত প্ৰতি বছৰে জুলাই মাহৰ প্ৰথম সপ্তাহটোত পালন কৰা হয় এই উৎসৱ । সমগ্ৰ সপ্তাহজোৰা এই অনুষ্ঠানৰ নাম ৰখা হয় বন মহোৎসৱ। বিভিন্ন শৈক্ষিক অনুষ্ঠান, ৰাজহুৱা অনুষ্ঠান আদিত গছপুলি ৰোপণ আৰু বিতৰণৰ যোগেদি এই উৎসৱ উলহ-মালহেৰে আয়োজন কৰা হয় । পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰখা আৰু পৰিৱেশৰ স্থিৰতা নিশ্চিত কৰাৰ ক্ষেত্ৰত গছ আৰু বনাঞ্চলৰ গুৰুত্বসম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ লগতে খাদ্যসামগ্ৰীৰ উৎকৰ্ষ সাধন, শৈক্ষিক সংৰক্ষণ চেতনা বিকাশ, প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতা গুণৰ বিকাশ আদিক মূল লক্ষ্য হিচাপে লৈ আয়োজন কৰা হয় এই সপ্তাহজোৰা মহোৎসৱৰ।


বন মহোৎসৱৰ ইতিহাসঃ

ভাৰতবর্ষত প্রথম ৰাষ্ট্রীয় গছপুলি ৰোপণ সপ্তাহ আয়োজন কৰিছিল পঞ্জাৱৰ উদ্ভিদ বিজ্ঞানী মহিন্দৰ সিং ৰন্ধাৱাই 1947 চনৰ 20 ৰ পৰা 27 জুলাইলৈ । তেওঁ বিভিন্ন দেশত বন সপ্তাহৰ (গছৰ দিনৰ উৎসৱ) ধাৰণাবোৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই সপ্তাহ আয়োজন কৰিছিল। তদানীন্তন দিল্লী আৰক্ষী আয়ুক্ত খুৰছিদ আহমেদ খানে ১৯৪৭ চনৰ ২০ জুলাইত ওগ-য়ক বা বাউহিনিয়া Bauhinia divaricata Plum. ex L. গছপুলি ৰোপণেৰে বন মহোৎসৱৰ প্ৰথম অনুষ্ঠান উদ্বোধন কৰিছিল । পাছদিনা পণ্ডিত জৱাহৰলাল নেহৰুৰ সৈতে লেডী মাউণ্টবেটেনকে ধৰি আন বহু মহিলাই কুতুব মিনাৰত গছপুলি ৰোপণ কৰিছিল। নেহৰুৱে ভাষণ প্রসংগত কৈছিল যে এতিয়ালৈকে গছপুলি ৰোপণৰ ক্ষেত্ৰত কোনো আগ্ৰহ নোলোৱাতো আশ্চর্যকৰ কথা হৈছে । গছৰ মূল্য নুবুজাকৈ গছ কটা অঞ্চলবোৰ ক্রমশ: মৰুভূমিত পৰিণত হয়। গতিকে এনে এক আইনৰ প্রয়োজন যাৰ জৰিয়তে থাকিব লাগে যে প্ৰথমে কোনো এক ঠাইত নতুন গছ ৰোপণ নকৰালৈকে কোনেও গছ কাটিব নোৱাৰিব । এই পৰম্পৰাক মুঞ্চীয়ে ১৯৫০ চনৰ পৰা গতিশীল কৰি তোলে আৰু প্রতি বছৰে ১জুলাইৰ পৰা ৭ জুলাইলৈ বন মহোৎসৱ আয়োজনৰ উদ্যোগ গ্রহণ কৰে।


বন মহোৎসৱক “গছৰ উৎসৱ” বুলিও জনা যায়। এই মহোৎসৱৰ মূল উদ্দেশ্যসমূহ হ’ল-


সেউজী আৱৰণৰ বিস্তৃতি বৃদ্ধি:

বন মহোৎসৱৰ লক্ষ্য হৈছে অধিক গছপুলি ৰোপণ কৰি আৰু বনানীকৰণৰ যোগেদি ভাৰত বর্ষত সেউজ আৱৰণৰ বিস্তৃতি বৃদ্ধি কৰা।


সজাগতা সৃষ্টি:

এই উৎসৱৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰা, গৰাখহনীয়া ৰোধ কৰা, নির্মল বায়ু আৰু পানী সম্পর্কে সজাগতা আৰু জীৱ বৈচিত্ৰ্যৰ সুৰক্ষা কৰাৰ ক্ষেত্রত গছ আৰু বনাঞ্চলৰ গুৰুত্ব সম্পর্কে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা। বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰি আৰু অক্সিজেন মুকলি কৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস কৰাত গছবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অধিক গছপুলি ৰোপণ কৰি জলবায়ু পৰিৱৰ্তনৰ কু-প্ৰভাৱ হ্ৰাস কৰাত সহায় কৰিব পাৰে। গছবোৰে মাটিক শিপাৰে খামুচি ধৰি আৰু পানী শোষণ কৰি গৰাখহনীয়া প্ৰতিহত কৰাত সহায় কৰে।


জন স্বাস্থ্য উন্নীতকৰণ:

পৰিষ্কাৰ বায়ু আৰু পানী সৃষ্টিত গছবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যিবোৰ মানুহৰ স্বাস্থ্যৰ বাবে অত্যাৱশ্যকীয়। অধিক গছপুলি ৰোপণ কৰি, আমি উশাহ লোৱা বায়ু আৰু আমি খোৱা পানীৰ মান উন্নত কৰিব পাৰোঁ।


উৎসাহ প্ৰদান:

বন মহোৎসৱৰ উদ্দেশ্য হৈছে সকলো বয়সৰ লোকক গছ ৰোপণ কাৰ্যত অংশগ্ৰহণৰ বাবে উৎসাহিত কৰা আৰু পৰিৱেশ সংৰক্ষণৰ সংস্কৃতিক প্ৰচাৰ আৰু প্রসাৰ কৰা।


বহনক্ষম পদ্ধতিৰ প্ৰচাৰ:

এই উৎসৱৰ উদ্দেশ্য হৈছে পৰিৱেশ-অনুকূল জীৱন যাপন, বহনক্ষম কৃষি, আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ গুৰুত্ব আৰু দায়িত্বৰ বিষয়ে প্ৰচাৰ কৰা আৰু বোধৰ বিকাশ ঘটোৱা।


পৰিৱেশ সজাগতা:

বন মহোৎসৱ হৈছে মানুহক গছপুলি ৰোপণ কৰিবলৈ উৎসাহিত কৰি পৰিৱেশ সংৰক্ষণৰ প্ৰচাৰ কৰা আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰখাত গছৰ গুৰুত্বৰ বিষয়ে অধিক সজাগ হোৱাৰ এক সুযোগ।


বাসস্থানৰ গুৰুত্ব সম্পর্কে সজাগতা বৃদ্ধি :

গছবোৰে বিভিন্ন বন্যপ্ৰাণীক বাসস্থান প্ৰদান কৰে। ই জৈৱ বৈচিত্ৰ্য বৃদ্ধি কৰাত আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।


বন মহোৎসৱৰ সময়ছোৱাত ভাৰতবর্ষত বিভিন্ন কার্যসূচী লোৱা হয়। সেইবোৰ হ’ল-


গছপুলি ৰোপণ:

বন মহোৎসৱত আয়োজন কৰা গছপুলি ৰোপণ কার্যসূচী হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ। চৰকাৰী প্ৰতিনিধি, বেচৰকাৰী সংগঠন, বিদ্যালয়, মহাবিদ্যালয়ৰ লগতে সকলো বয়সৰ স্বেচ্ছাসেৱকে একেলগে সমগ্ৰ দেশৰ বিভিন্ন স্থানত গছপুলি ৰোপণ কৰে।


সজাগতা অভিযান:

বন মহোৎসৱৰ সময়ত, জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধৰ ক্ষেত্ৰত বন আৰু গছৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই পদক্ষেপবোৰে গছৰ গুৰুত্ব, গৰাখহনীয়া, পানী আৰু বিশুদ্ধ বায়ু সম্পর্কে সজাগতা বৃদ্ধিৰ উদ্যোগ লয়।


কৰ্মশালা আৰু আলোচনাচক্ৰ:

পৰিৱেশ সজাগতা বৃদ্ধি কৰিবলৈ আৰু মানুহৰ মাজত বহনক্ষম অভ্যাস সৃষ্টিৰ বাবে বিভিন্ন কর্মশালা আৰু আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়। এই কৰ্মশালা আৰু আলোচনাচক্ৰত সংৰক্ষণ, পৰিৱেশ-অনুকূল জীৱন যাপন আৰু বহনক্ষম কৃষিৰ গুৰুত্ব আদিৰ বিষয়ে আলোচনা আৰু প্রশিক্ষণ প্রদান কৰা হয়।


প্ৰতিযোগিতা:

সজাগতা আৰু অংশগ্ৰহণ বৃদ্ধিৰ বাবে বন মহোৎসৰ সময়ছোৱাত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্রতিযোগিতাসমূহ হ’ল- চিত্ৰাংকন প্ৰতিযোগিতা, প্ৰবন্ধ লিখন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আদি। এই কাৰ্যকলাপবোৰে মানুহক পৰিৱেশ সুৰক্ষাৰ বিষয়ে অধিক শিকিবলৈ আৰু সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।

বন মহোৎসৱৰ অন্যতম উদ্যোগী কানহাইয়ালাল মানেকলাল মুঞ্চী আন এটা নাম কুলপতি কে এম মুঞ্চী নামেৰে বেছি জনপ্ৰিয় আছিল। ১৮৮৭ চনৰ ৩০ ডিচেম্বৰ তাৰিখে মুঞ্চীৰ জন্ম হৈছিল। একেধাৰে লেখক,সাংবাদিক, ৰাজনীতিবিদ, অধিবক্তা মুঞ্চীয়ে ঘনশ্যাম ব্যাস ছদ্মনামেৰে গুজৰাটী সাহিত্য চৰ্চা কৰিছিল। স্বাধীনতাৰ পূৰ্বৰ ভাৰতীয় সমাজ ব্যৱস্থালৈ মুঞ্চীৰ অৱদান আছিল অপৰিসীম।

তেখেতে সংবাদ সেৱা আৰম্ভ কৰিছিল মাহেকীয়া ‘ভাৰ্গবা’ নামৰ গুজৰাটী আলোচনীখনৰ জৰিয়তে। ইয়াৰ উপৰিও তেখেতে ‘য়ং ইণ্ডিয়া’ৰ যুটীয়া সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। হিন্দী সাহিত্য সন্মিলন, গুজৰাটী সাহিত্য পৰিষদ আৰু সংস্কৃত বিশ্ব পৰিষদৰ সভাপতিৰ দায়িত্বও পালন কৰিছিল। তেখেত ১৯৪৭ চনত আমাৰ জাতীয় পতাকা নিৰ্বাচন সমিতি ‘এধক ফ্লেগ কমিটি’ৰ সৈতেও জড়িত আছিল। ইয়াৰ উপৰিও বি আৰ আম্বেদকাৰ নেতৃত্বাধীন ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সৈতেও জড়িত আছিল। এজন লেখক হিচাপেও মুঞ্চী এক উল্লেযোগ্য নাম । মুঞ্চীৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত ‘মাৰি কামালা’, ‘ আই ফল’ দ্য মহাত্মা’, ‘ৰাজাধীৰাজ’, ‘গান্ধী: দ্য মাষ্টাৰ’ আদিয়ে প্ৰদান। বন-বননি আৰু পৰিৱেশৰ প্ৰতি মুঞ্চীয়ে আগবঢ়োৱা অৱদানৰ বাবে ভাৰতীয় ডাক বিভাগে ১৯৮৮ চনত মুঞ্চীৰ সোঁৱৰণত এটি ডাক-টিকটো মুকলি কৰিছিল। পৰিৱেশ প্ৰকৃতি সংৰক্ষণক মূল লক্ষ্য হিচাপে লোৱা মুঞ্চীৰ দেহাৱসান ঘটে ১৯৭১ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে।


তথ্যসূত্র:

২। Chatterjee, U.N. (1947). “Delhi celebrates tree plantation week”. Indian Farming. 8 (9): 466–468

৩। Randhawa, M.S. (1957). Flowering trees in India. New Delhi: Indian Council of Agricultural Research. pp. 130–142.




 

সম্পাদনা সমিতি


তুষাৰ ৰঞ্জন কাশ্যপ , সবুজ শইকীয়া , বিতোপন দাস, ৰক্তিম বৰুৱা, জগত জ্যোতি বৰুৱা, ধীৰাজ শইকীয়া, গৌৰৱ শইকীয়া, অৰিন্দম খনিকৰ, ধ্ৰুবজ্যোতি কাকতি, ইমৰান হুছেইন , ৰুৱাইট্ বৰগোহাঞি , মানস প্ৰতিম দত্ত, নিহাল গগৈ

 

সম্পাদক


ধ্ৰুবজ্যোতি কাকতি

 


© Haritkona II হৰিৎকণা

122 views0 comments
bottom of page