top of page

চাহৰ প্ৰস্তুত আৰু প্ৰকাৰ

চি টি চি চাহ ( CTC Tea ), অৰ্থডক্স টি ( Orthodox Tea ), হোৱাইট আৰু গ্ৰীন টিৰ মাজৰ প্ৰাৰ্থক্য ....

১) চি টি চি চাহ ( CTC Tea ) : C - Crush , T - Tear,C - Curl ৷ পাতবোৰ মেলি দি বহু ঘন্টাৰ বাবে কোমল কৰিবলৈ বিভিন্ন পদ্ধতিৰে শুকোৱা হয়, যাতে পাতত থকা পানীৰ পৰিমান কমি যায় ৷ তাৰ পিছত লাহে লাহে মেচিনেৰে বাৰে বাৰে হেচা দিয়া , টুকুৰা কৰা আৰু ঘূৰোৱা হ’য় ৷ শেষত তাপ দি শুকোৱা হয় ৷ আমি ঘৰত সাধাৰনতে খোৱা ৰঙা চাহ কাপেই হ’ল CTC Tea .


২) অৰ্থডক্স টি ( Orthodox Tea ) : এই চাহ প্ৰস্তুত কৰোতে পাতবোৰ হাতেৰে বা মেচিনৰ জৰিয়তে ঘূৰোৱা হ’য় ৷ ইয়াত চিঙি অনা কোমল পাতবোৰ ১৪-২০ ঘন্টাৰ বাবে মেলি দি পাতত থকা পানীৰ পৰিমান কমাই দিয়া হয়  ৷ তাৰ পিছতে শুকোৱা পাতবোৰ চাপ দি ঘূৰোৱা হ’য় আৰু ইয়াৰ পিছতে পাতবোৰক ২-৪ ঘন্টাৰ বাবে মুক্ত বায়ুৰে ক্ৰিয়া( কিন্বন) কৰিবলৈ দিলে পাতবোৰে গাঢ় ৰং লয় ৷ শেষত তাপ দি পাতবোৰ শুকোৱা হয় ৷


  • গ্ৰীন টি/হোৱাইট টি : বিশেষকৈ Camellia sinensis var. sinensis ৰ পৰা প্ৰস্তুত কৰা হয় ৷ এই চাহ গছবিধৰ পাতবোৰ সৰু হ’য় ৷

  • ব্লেক টি : বিশেষকৈ C. sinensis var. assamica ৰ পৰা প্ৰস্তুত কৰা হ’য় ৷ এই চাহ গছ বিধৰ পাতবোৰ তুলনামূলক ভাৱে আনবিধতকৈ কিছু ডাঙৰ ৷


Θ হোৱাটট আৰু গ্ৰীন টিৰ মাজৰ পাৰ্থক্য : হোৱাইট টিৰ বাবে পাতবোৰ গ্ৰীন টিতকৈ সোনকালে অৰ্থাৎ কম বয়সত চিঙি অনা হ’য় ৷এন্টি - অক্সিডেন্টৰ পৰিমান হোৱাইট টিত বেছিকৈ থাকে ৷

       হোৱাইট টিত চিঙি অনা পাতবোৰ কেৱল শুকোৱাৰ মাধ্যমেৰে প্ৰস্তুত কৰা হ’য় ৷ ইয়াত জাল পৃষ্ঠৰ ওপৰত পাতবোৰ মেলি দি কোমল কৰিবলৈ তলৰ পৰা বতাহ দিয়া হ’য় আৰু তাৰ পিছত  তাপ দি শুকোৱা হ’য় ৷ আনহাতে গ্ৰীন টিত পাতবোৰ বতাহত দিয়াৰ পিছত গৰম পানীত অলপ সময়ৰ বাবে বইল কৰা হয় ৷ তাৰ পিছত শুকাবলৈ দিয়া হয় ৷ ইয়াৰ পিছতে পাতবোৰ চাপ দি ঘূৰোৱা হয় ৷ আকৌ তাপ দি শুকোৱা হ’য় ৷


Θ অলং টি :  এই চাহ প্ৰস্তুতৰ বাবে পাতবোৰ মেলি দি কিছু ঘন্টাৰ বাবে শুকোৱাব লাগে যাতে পাতত থকা পানীৰ পৰিমান কমি পাতবোৰ কোমল হ’য় ৷ ইয়াৰ পিছতে পাতবোৰ ঠাণ্ডা হ’বলৈ দি চাপ দি ঘূৰোৱা হয় আৰু পাতবোৰ মুক্ত বতাহ / অক্সিজেনৰ সৈতে ক্ৰিয়া কৰোৱা হ’য় ৷ তাৰ পিছতে পাতবোৰ তাপ দি শুকোৱা হ’য় আৰু পুনৰ চাপ দি ঘূৰোৱা হয় ৷শেষত ড্ৰায়ৰত সম্পূৰ্ণকৈ শুকোৱা হয় ৷


Θ কিন্বনে অৰ্থাৎ পাতৰ অক্সিজেনৰ সৈতে ক্ৰিয়াই চাহৰ ভিন্নতা দিয়ে ৷ কিন্বনৰ বাবে ৰ'দ নপৰা ঠাই নিৰ্ধাৰণ কৰা হ’য় ৷ ইয়াত ভিন্ন প্ৰক্ৰিয়াৰে পাতবোৰ পাৰ হোৱাৰ পিছত সেই বিশেষ ঠাইত কিন্বন হ’বলৈ দিয়া হ’য় ৷

     ব্লেক টিত গুৰি কৰি কিন্বনৰ বাবে আন চাহতকৈ আটাইতকৈ বেছি সময় থোৱা হ’য় ৷ ৰং সলনি হোৱাৰ পিছতহে শেষত তাপ দি শুকোৱা হ’য় ৷

      গ্ৰীন টিত কিন্বনৰ বাবে ব্লেক টিতকৈ কম কিন্বন হ’বলৈ দিয়া হ’য় ৷ তাৰ পিছতহে শেষ কাম তাপ দি শুকোৱা হয় ৷ কিন্তু হোৱাইট টি কিন্বন হ’বলৈ দিয়া নহ’য় ৷ অৰ্থাৎ ইয়াত মেলি কোমল কৰাৰ পিছতেই তাপ দি শুকোৱা হ’য় ৷


bottom of page