top of page

অসম আৰু কৃষি উদ্যমতা

......উদ্যমতা এনে এক উপায় যিয়ে এটা অঞ্চলৰ পুঁজি প্ৰবাহৰ পথটি বহু বছৰলৈ সুৰক্ষিত কৰি থৈ যায়....

ভাৰতবৰ্ষৰ মূল কেন্দ্ৰৰ পৰা বহু দূৰৈত অৱস্হিত হোৱাৰ বাবেই অসম অৰ্থনৈতিক ভাৱে যে বহু পিছপৰি আছে সেই কথা আমি স্বীকাৰ কৰিবলৈ বাধ্য ৷ যেতিয়া আমি অসমৰ অৰ্থনৈতিক ক্ষেত্ৰ খনলৈ চাও তেতিয়া এই কথা স্পষ্ট হৈ পৰে যে অসমৰ জাতীয় পুঁজি গঁঠন হোৱাৰ কোনো এক নিৰ্দিষ্ট অথৱা মূখ্য উৎস গঢ় লৈ উঠা নাই ৷ সেই হেতু আমাৰ বিকাশৰ গতিও সঠিক হোৱা নাই ৷এনে নহয় যে বাহিৰৰ ব্যক্তিগত খণ্ডৰ হাতত ৰাজ্যৰ ব্যৱসায় - বাণিজ্য অথৱা উদ্যোগ খন্দ তুলি দিয়াৰ মাধ্যমেৰে যি এক সংস্হাপনৰ বাত মুকলি হোৱাৰ প্ৰকল্প প্ৰস্তত কৰা হৈছে সিয়ে কেতিয়াও বিকাশৰ সঠিক বাট মুকলি কৰিব নোৱাৰে ৷ ইয়াৰ মাধ্যমেৰে নিশ্চিত ভাৱে আমাৰ প্ৰজন্মই সংস্হাপন পাব কিন্ত ই দীৰ্ঘম্যাদী উপায় কেতিয়াও হ’ব নোৱাৰে ৷ জাপান , কোৰিয়া অথৱা ছিলিকণ ভেলিৰ ক্ষেত্ৰত আমি দেখা পোৱা আগৰ বা এতিয়াৰ উদ্যমীয় বিকাশৰ মাধ্যমেৰে হোৱা অৰ্থনৈতিক স্থিতাৱস্থাই আমাক এখন পৃথক ছবিহে দেখুৱাইছে ৷ যদিহে আমি বহনক্ষম আৰু দীৰ্ঘম্যাদী উপায় বিছাৰো তেন্ত ই হৈছে উদ্যমতা অৰ্থাৎ Entrepreneurship  ৷ উদ্যমতা এনে এক উপায় যিয়ে এটা অঞ্চলৰ পুঁজি প্ৰবাহৰ পথটি বহু বছৰলৈ সুৰক্ষিত কৰি থৈ যায় ৷

    এতিয়া যদি আমি সচাকৈ ওপৰৰ কথা খিনিৰ ভিত্তিত এটা অৰ্থনৈতিক বিপ্লব বিছাৰিছো তেন্তে আমাৰ হাততে থকা সম্বল হৈছে কৃষি ৷ কিন্ত ,কিয় আজিলৈকে আমি ইয়াক কৰিব পৰা নাই ? ইয়াৰ কাৰন সমূহ এনে ধৰনৰ -

১) কৃষি বৃত্তি নিম্ন মানদণ্ডৰ বুলি আমাৰ এক সাতাম পুৰুষীয়া চিন্তা ধাৰা আছে ৷ যি আজিও বৰ বিশেষ সলনি হোৱা নাই ৷

২) কৃষক - এই নামটোক ডাক্তৰ , ইঞ্জিনীয়াৰ অথবা চৰকাৰী বিষয়া - কৰ্মচাৰীৰ দৰে আমাৰ সমাজে এক ষ্টেটাচ দিব বিছৰা নাই ৷

৩) আমি ৫-৬ লাখ টকাৰ বিনিময়ত এটা উচ্চস্তৰীয় চাকৰি কিনি ( উপঢৌকন দি ) ল’বলৈ বেয়া নাপাও , কিন্তু সেই একেই খিনি টকাৰে এখন কৃষি পাম আৰম্ভ কৰিবলৈ বেয়া পাও ৷ এক কথাত আমি বিপদ লব’লৈ বেয়া পাওঁ ৷

৪) আমি শাৰিৰীক কষ্ট কৰিবলৈ বেয়া পাও ৷ নিজৰ ঘৰৰ মাটি , বাৰী খন অথৱা পুখুৰীটো আজিও আমি পুজি সৃষ্টিৰ উৎস বুলি ভাবিব পৰা নাই ৷ ইয়াৰ সলনি মাহেকত ৮-১০ হাজাৰ টকাৰ বিনিময়তে দেশৰ দক্ষিণ বা পশ্চিমৰ কোম্পানীৰ চাকৰিকে আজিৰ প্ৰজন্মই গ্ৰহন কৰে ৷

৫) আমাৰ লৰাই আমাৰ ৰাজ্যত সংস্হাপন পাবৰ কাৰনে যে আমি নিজৰ মাটিক বাৰ মাহেই উৎপাদনৰ ভঁৰাল কৰি ৰাখিব লাগিব সেয়া অনুভৱ কৰিব পৰা নাই ৷

৬) আমি চন পৰা মাটি অ-খিলঞ্জীয়াক বিক্ৰী কৰা বন্ধ কৰি আমাৰ অধিকাৰ ৰাখিব লাগিব ৷

     ওপৰৰ কথাখিনিৰ পৰা এই কথা স্পষ্ট হ’য় যে আমি নিজেই কৃষিৰ প্ৰতি আগ্ৰহী নহ’য় ৷ কোনো চৰকাৰী আচনি অথৱা সুবিধাক দোষাৰোপ কৰাৰ আগতেই এজন উদ্যমী হ’বৰ বাবে নিজৰ মানসিকতাহে প্ৰথম ৷ এইখিনিতে পৰিষ্কাৰ হ’বলগীয়া কথাটো হ’ল উদ্যমী আৰু ব্যৱসায়ীৰ মাজৰ পাৰ্থক্যটো ৷ এই প্ৰাৰ্থক্যটো আমি এটা উদাহৰণৰ দ্বাৰা বুজিব পাৰো ৷ সাধাৰন ভাবে বজাৰত গৈ শাক - পাচলি বিক্ৰী কৰা এজন খেতিয়কক আমি ‘ কৃষি ব্যৱসায়ী ’ আৰু সেই একেই খিনি শাক - পাচলি আন এজন খেতিয়কে যদি নিজৰ ঘৰৰ পৰাই উপভোক্তাৰ ঘৰ কোনো এক বিশেষ প্ৰক্ৰিয়াৰে কম খৰচ আৰু কম সময়তে হাজিৰ কৰাই দিব পাৰে তেন্ত সেই খেতিয়ক জনক ‘ কৃষি উদ্যমী ’ বোলা হ'ব ৷ গ’তিকে , কোনো এক বিশেষ প্ৰক্ৰিয়া মানে মোবাইল এপ , ফেচবুক , হোৱাটছ এপ আদিত কৰা অৰ্দাৰ কৃষক জনে নিজৰ দ্বাৰা উপভোক্তা জনলৈ লৈ যাব পাৰিছে আৰু য’ত উপভোক্তা জন বজাৰলৈ যাব লগীয়া হোৱা নাই , সময় কম খৰচ হৈছে , প্ৰতিদিনৰ বজাৰ প্ৰতিদিনে ঘৰতে লাভ কৰিব ৷মূল কথা বজাৰত চলি বজাৰকৰণ প্ৰক্ৰিয়াতকৈ সেই উদ্যমীজনে আন উপযোগী বজাৰকৰনৰ প্ৰক্ৰিয়াটো সৃষ্টি কৰাৰ বাবেই তেওক উদ্যমীৰ স্বীকৃতি দিব পাৰি ৷ এজন উদ্যমী হ’বলৈ হ’লে - উদ্ভাৱনী চিন্তা , স্ব-নিয়োজনৰ ক্ষমতা , বিপদ গ্ৰহন কৰিব পৰা ক্ষমতা আৰু লাভা - লাভাৰ দ্বাৰা অনুপ্ৰাণিত নোহোৱা -- এই গুণ কেইটা থাকিব লাগিব ৷ আটাইতকৈ গুৰুত্বপূৰ্ন কথাটো হ’ল এজন ব্যক্তিয়ে প্ৰতিদিনে  কৰা সাধনাৰ বলত এনে গুন আহৰন কৰি ল’ব পাৰে ৷


      এতিয়া যিহেতু ওপৰৰ কথাখিনিৰ পৰা আমাৰ উদ্যমীৰ ধাৰনাটো পৰিষ্কাৰ হ’ল , গতিকে আমি এতিয়া এই কথা চোৱা প্ৰয়োজন যে অসমত এনে কি সুবিধা আছে যাক আমি কৃষি উদ্যমতা হিচাপে গঢ় দিব পাৰো ৷ সেই সমূহ হ’ল :

১) প্ৰথমেই আমি আমাৰ নিজাকৈ থকা ঘৰৰ মাটি , ঘৰৰ বাৰী খন ভালদৰে চকু ফুৰোৱা খুৱেই প্ৰয়োজন ৷ যিটো অসমৰ মানুহৰ হাতত বহুল পৰিমানে মজুত আছে ৷

২) কৃষি ব্যৱসায় কৰিও যে লাখপতি হ’ব পাৰি সেয়া আমি বুজি উঠাটো দৰকাৰ ৷

৩) অসমৰ মাটি আৰু জলবায়ু বহু অৰ্থনৈতিক ভাৱে লাভ থকা শস্য , পশু , মাছ , ঔষধি উদ্ভিদ উৎপাদনৰ বাবে উপযোগী ৷

৪) অসমত উপলব্দ্ধ ঔষধী গুন সম্পন্ন মাছ আৰু সেই মাছৰ পোনা উৎপাদন , গাহৰি উৎপাদন , দুগ্ধ উৎপাদন, ব্ৰয়লাৰ উৎপাদন আদিত এক বৃহৎ সম্ভাৱনা সোমাই আছে ৷

৫) সতেজ কাঠফুলা উৎপাদন , শুকান কাঠফুলা আৰু কাঠফুলাৰ বীজ প্ৰস্তুত অৰ্থনৈতিক ভাৱে সম্ভাৱনাপূৰ্ণ ৷

৬) ফুল উৎপাদন , গ্ৰীন টি প্ৰস্তুত কৰিবলৈ আগবাঢ়িব পাৰি ৷

৭) বাঁহ উৎপাদন আৰু ইয়াৰ সামগ্ৰী প্ৰস্তুত , তাঁতশাল স্হাপন কৰি ব্যৱসায় আৰম্ভ কৰিব পাৰি ৷

৮) মাছ , মাংস , কাঠফুলা আদিৰ সংশোধন কৰি আচাৰ আদি প্ৰস্তুত কৰিব পাৰি ৷

৯) কৃষি প্ৰশিক্ষণৰ মাধ্যমেৰে ব্যৱসায় কৰাৰ সম্ভাৱনা আছে ৷

১০) ক'লা ধান ( Black rice ) ৰ উৎপাদন , তামোলৰ ঢকুৱাৰ সামগ্ৰী প্ৰস্তুত কৰি ব্যৱসায় কৰিব পাৰি ৷

১১) জৈৱিক শাক-পাচলিৰ বজাৰ খন দিনক দিনে বৃদ্ধি পাইছে ৷

১২) ঔষধি উদ্ভিদ যেনে - এল’ভেৰা আদি উৎপাদন কৰিব পাৰি ৷ তদুপৰি সঠিক প্ৰকল্প থাকিলে এই উদ্ভিদ সমূহ সংশোধন কৰিব পাৰি ৷

    আাপুনি হয়তো ওপৰৰ কথাখিনিৰ পৰা মই আগতে কৈ অহাৰ দৰে সাধাৰন ব্যৱসায় আৰু উদ্যমতাৰ মাজৰ প্ৰাৰ্থক্যটো বিছাৰি পোৱা নাই ৷ কিন্তু , কথাখিনি এনেকুৱা ধৰনৰ যে ওপৰৰ প্ৰত্যকটো সম্ভাৱনাময় খেত্ৰক আপুনি এনেকৈ ব্যৱসায়িক ভাবে গঢ়ি তুলিব লাগিব যাতে আমি প্ৰচুৰ পৰিমানে উৎপাদন কৰিব পাৰো ( মুদ্ৰাস্ফীতি ৰোধিব পাৰি) , বাহিৰৰ পৰা এই সমূহ আমদানি কৰাতো প্ৰায় বন্ধ হ’য় , উৎপাদক সকল আৰ্থিক ভাবে বহু আগবাঢ়ি যায় , কেচামাল সমূহ সংশোধন কৰিব পাৰো , সামগ্ৰী সমূহ পেকেটিঙ কৰা হ’য় , কৃষি ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হ’য় , সামগ্ৰী সমূহ বাহিৰলৈ ৰপ্তানি কৰিব পৰা হয় ইত্যাদি ৷ গতিকে এনে সমূহ কথা সাধাৰণ ব্যৱসায়ী এজনে গুৰুত্ব আৰোপ কৰাৰ বিপৰতে কেৱল বিক্ৰী কৰি ঘৰখন চলাই নিয়াত হে গুৰুত্ব আৰোপ কৰে , অন্যহাতে তেও বা অন্য ব্যক্তিয়ে যদি তেওৰ নতুন অথৱা পুৰণি ব্যৱসায়ত উক্ত ধাৰনা সমূহৰ সংযোগ কৰিব পাৰিব তেতিয়াই তেওঁ এজন উদ্যমী হোৱাৰ যোগ্য হ’ব ৷

      আমাৰ এটা নিজা ধাৰণা আছে যে , নিজা পুজি অথৱা কোনো বিনিয়োগ নাথাকিলে এটা ষ্টাৰ্টআপ কৰাতো কঠিন ৷ কিন্ত তেনে সময়ত মনলৈ অহা কিছু প্ৰশ্ন হ’ল - উপঢৌকনৰ বাবে , অন্য ৰাজ্যত গৈ কোম্পানীৰ চাকৰি কৰিবলৈ কেনেকৈ টকা পাও ? ঘৰৰ বাৰী খনৰ অথৱা এবাৰ ধান খেতি কৰি মাটি কিয় অবাৱতে পেলাই থৈছো ? পঢ়া সাং কৰি কিয় ২-৩ বছৰ চাকৰি বিছাৰি হাবাথুৰি খাই ফুৰিছো ? - এবাৰ ভাবি চাওক ! হয়তো সকলো প্ৰশ্নৰ উত্তৰ পাব ৷ এনে নহ’য় যে সকলো যুৱক-যুৱতীয়ে ষ্টাৰ্টআপ কৰিব লাগিব ৷ কিন্ত , কিছু সা - সুৱিধা থকা সকলে সৰুকৈ ব্যৱসায় আৰম্ভ কৰিলে ভৱিষ্যতে শ-শ লোকক তাত নিযুক্তি দিব পাৰিব ৷ এইটো সঁচা যে , কোনো ধৰনৰ প্ৰাৰম্ভিক কাম নেদেখিলে বেংক অথৱা বিনিয়োগকাৰীয়ে টকা বিনিয়োগ নকৰে আৰু লোণ দিবলৈ আগবাঢ়ি নাহে ৷আমাৰ ৰাজ্যৰ এটা বিশেষ অসুবিধা আমাৰ এজন ব্যক্তিৰ হাতত কম পৰিমানৰ মাটি থাকে য’ত আমি শস্য ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলৈ অপৰাগ , কিন্তু মই ওপৰত আলোচনা কৰা খেত্ৰ সমূহত বহু মাটিৰ প্ৰয়োজন নহ’য় আৰু তদুপৰি এই অসুবিধা আমি ক-অপাৰেটিভ ব্যৱস্হাৰে দূৰ কৰিব পাৰো ৷ মাত্ৰ লাগে আমাৰ উদ্যমী মনোভাৱ ৷ গতিকে আৰম্ভ কৰাতো আমাৰেই দায়িত্ব ৷ এনে পৰ্যালোচনা আমাৰ বাবে এতিয়া খুবেই প্ৰয়োজন ৷


    গতিকে সময় আহি পৰিছে আমি আমাৰ মাটি আৰু ভেটি নিজেই সবল কৰিব লাগিব , নতুবা আনে চেষ্টা কৰাৰ পিছত যি বাকী থাকি যাব আমি তাকেহে লাভ কৰিম ৷ এনে ধৰনৰ প্ৰচেষ্টাই নিশ্চিত ভাৱে আমাৰ ৰাজ্যখনৰ দৃশ্যপট সলনি কৰিব ৷

bottom of page