top of page
Writer's pictureHaritkona Newsletter

বিজ্ঞাবীক্ষণ - ২ ( অক্টোবৰ , ২০২৪ ৷৷ October , 2024 )



✍️ শুভ্ৰ এণ্টাৰ্কটিকাত সেউজীয়াৰ আগমন :


এণ্টাৰ্কটিকা বুলি কলেই আমাৰ মনলৈ আহে দূৰ-দূৰলৈ বৰফৰ তৰপেৰে আৱৰা এক বিশাল অঞ্চল ৷ কিন্তু Nature Geoscience জাৰ্নেলত University of Exeter আৰু Hertfordshire ৰ গৱেষকৰ প্ৰকাশিত তথ্য অনুসৰি ১৯৮৬-২০২১ ৰ ভিতৰত ০.৪ বৰ্গ মাইলৰ পৰা ৫ বৰ্গ মাইললৈ এণ্টাৰ্কটিকাত সেউজীয়া অঞ্চলৰ পৰিমাণ বৃদ্ধি পালে, য’ত বেছিভাগেই শেলাই দৰে উদ্ভিদ ৷ গৱেষক সকলৰ মতে এইয়া অঞ্চলটোত যোৱা সময়ছোৱাত পৰা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ ফলহে ৷ এই বৰ্ষৰ গ্ৰীষ্ম কালত এণ্টাৰ্কটিকাৰ গড় উষ্ণতা আছিল ৫০° ফাৰেনহাইত , যিটো স্বাভাৱিকতকৈ বেছি আছিল ৷ তদুপৰি গৱেষক সকলে কৈছে এই সেউজীয়া উদ্ভিদেই এদিন জৈৱ পদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰি মাটি সৃষ্টি কৰিব আৰু আন ডাঙৰ উদ্ভিদৰ উদ্ভৱৰ বাট মুকলি কৰিব ৷


✍️ এভাৰেষ্ট শৃংগৰ ক্ৰমবৰ্ধমান উচ্চতা


শেহতীয়াকৈ জাৰ্নেল Nature Geosciences ত প্ৰকাশ পোৱা তথ্য অনুসৰি এভাৰেষ্ট শৃংগৰ উচ্চতা প্ৰতি বছৰে ০.২ - ০.৫ মিলিমিটাৰকৈ বাঢ়ি গৈ আছে ৷ আজিৰ পৰা ৮৯,০০০ বছৰ আগতে এভাৰেষ্টৰ নিকটৱৰ্তী কোছি আৰু অৰুণ নদী মিলিত হৈছিল আৰু ইয়েই উচ্চতা বৃদ্ধিৰ কাৰক ৷ যেনেকৈ নদীত সামগ্ৰী থকা নাও এখনৰ পৰা সামগ্ৰী সমূহ নমাই দিলে নাওখন কিছু পানী পৃষ্ঠৰ পৰা ওপৰলৈ উঠি আহে থিক তেনে এটা প্ৰক্ৰিয়াই হৈছে এভাৰেষ্টৰ ক্ষেত্ৰত ৷ এভাৰেষ্টৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়াটোক ‘ আইচ’ষ্টেটিক ৰিবাউন্দ ’ বুলি কোৱা হয় ৷ উপৰোক্ত নদী দুখনৰ মিলনৰ বাবে সেই অঞ্চলত খহনীয়া হৈ ক্ৰমান্বয়ে মাটি আৰু শিল আতৰি গৈ পৃথিবীৰ খোলাৰ ওজন কমি গৈছে আৰু এভাৰেষ্টৰ উচ্চতা বঢ়াত সহায় কৰিছে ৷


✍️ দেশত নিৰ্মিত ASMI ছাবমেচিন গান


প্ৰথমবাৰৰ কাৰণে ভাৰতীয় স্থলসেনাত সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত চাবমেচিন গান ASMI ( Asmita ) ক প্ৰতিৰক্ষা বিভাগে যোগান ধৰিছে ৷ এই মেচিনগানৰ প্ৰয়োগ তথা মোতায়নৰ আগলৈকে ভাৰতৰ প্ৰতিৰক্ষাৰ কাৰণে নিয়োজিত বিশেষ সেনা বাহিনীয়ে চাবমেচিন গান হিচাপে ইজৰাইলত নিৰ্মিত UZI চিৰিজৰ চাবমেচিন গান দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি আহিছিল ৷ কিন্তু বৰ্তমান সময়ত প্ৰতিৰক্ষা বিভাগে UZI চিৰিজৰ চাবমেচিন গানৰ ঠাইত দেশত নিৰ্মিত অতি নিৰ্ভৰযোগ্য ASMI ৰ ব্যৱহাৰৰ লক্ষ্য স্থিৰ কৰিছে ৷ ইতিমধ্যে ভাৰতীয় সেনাবাহিনীৰ Northern Command ৰ তৰফৰ পৰা প্ৰায় ৫৫০ টা ASMI ৰ অৰ্ডাৰ কৰা হৈছে আৰু ইযাক নিৰ্মাণ তথা উৎপাদনৰ দায়িত্ব দিয়া হৈছে হাইদৰাবাদৰ লোকেশ মেচিন লিমিটেডক ৷ উল্লেখযোগ্য যে এই Gun ৰ আৰ্হি প্ৰস্তুত কৰি উলিয়াইছে ভাৰতীয় সেনাবাহিনীৰ লেফটেনেন্ট কৰ্ণেল প্ৰসাদ বানছুদ তথা DRDO (Defense Research and Development Organization) আৰু ARDE (Armament Research & Development Establishment) য়ে ৷ এই চাবমেচিন গানৰ মেগজিন সক্ষমতা হৈছে ৩২ ৰাউণ্ড আৰু গুলি কৰাৰ ক্ষমতা হৈছে প্ৰতি মিনিটত ৮০০ ৰাউণ্ড ৷ ইয়াৰ ওজন হৈছে ২.৪ কিলোগ্ৰাম ৷ প্ৰাৰম্ভিক সময়ত ASMI ক বিশেষক সেনাবাহিনীৰ NSG, ASSAM RIFLES আৰু BSF গোটক যোগান ধৰা হৈছে ৷



 

এই সংখ্যাৰ সম্পাদনাত


গৌৰৱ শইকীয়া,  ধ্ৰুবজ্যোতি কাকতি, তুষাৰ ৰঞ্জন কাশ্যপ , সবুজ শইকীয়া

 

সদস্য


তুষাৰ ৰঞ্জন কাশ্যপ , সবুজ শইকীয়া , বিতোপন দাস, ৰক্তিম বৰুৱা, জগত জ্যোতি বৰুৱা, ধীৰাজ শইকীয়া, গৌৰৱ শইকীয়া, অৰিন্দম খনিকৰ, ধ্ৰুবজ্যোতি কাকতি, ইমৰান হুছেইন , মানস প্ৰতিম দত্ত, নিহাল গগৈ


সম্পাদক


ধ্ৰুবজ্যোতি কাকতি

 


© Haritkona II হৰিৎকণা

8 views0 comments

Comments


bottom of page