বিজ্ঞাবীক্ষণ - ১ ( ছেপ্তেম্বৰ , ২০২৪ ৷৷ September , 2024 )
✍️ গগনযান অভিযানত মহাকাশলৈ মাখি :
ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানে ২০২৫ চনত মহাকাশলৈ পৰিকল্পনা কৰা গগনযান অভিযানত মহাকাশচাৰীৰ লগতে কুনকুনি মাখিও প্ৰেৰণ কৰা হ’ব ৷ মহাকাশচাৰীয়ে মহাকাশ অভিযানত সন্মুখিন হোৱা অন্যতম সমস্যা কিডনী ষ্টনৰ অধ্যয়নৰ বাবে এই পৰীক্ষা কৰা হ’ব কাৰণ মানুহ আৰু কুনকুনি মাখিৰ কিডনী ষ্টন সৃষ্টিৰ মাজত সামঞ্জস্য আছে ৷ এই মাখিবিধৰ বিশেষ ভাৱে সৃষ্টিত জড়িত আছে ইউনিভাৰ্চিটি অফ এগ্ৰিকালছাৰেল ছায়েন্স , ধাৰৱাৰ, কৰ্নাটকৰ জৈৱ-প্ৰযুক্তিবিদ্যা বিভাগ ৷
✍️ মহাকাশত বন্দী সুনীতা উইলিয়ামছ :
NASA ৰ দ্বাৰা আন্ত:ৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰা মহাকাশচাৰীদ্বয় সুনীতা উইলিয়ামছ আৰু বাটচ উইলমৰে যাত্ৰা কৰা মহাকাশযানৰ যান্ত্ৰিক বিজুতিৰ বাবে মহাকাশ কেন্দ্ৰতেই অতিৰিক্ত সময় থাকিব লগা হৈছে ৷ দুয়োজন মহাকাশচাৰী বয়িং ষ্টাৰলাইনাৰ মহাকাশযানৰ জৰিয়তে ৬ জুন , ২০২৪ ত কেন্দ্ৰটোত ৮ দিনীয়া কাৰ্য্যসূচী লৈ উপস্থিত হয় ৷ কিন্তু যান্ত্ৰিক বিজুতিৰ বাবে তেওঁলোক এতিয়াও পৃথিৱীলৈ ঘূৰি আহিব পৰা নাই ৷ এই ক্ষেত্ৰত NASA এ প্ৰতিষ্ঠিত কোম্পানী SpaceX ৰ সহায় লোৱাৰ পৰিকল্পনা কৰিছে ৷
✍️ চাহৰ কীটনাশক ধৰা পেলোৱা আহিলা উদ্ভাৱন :
National Institute of Food Technology Entrepreneurship and Management- এ চাহত কীটনাশকৰ উপস্থিতি ধৰা পেলোৱা এক কম খৰচী আহিলা উদ্ভাৱন কৰিছে ৷ মিনিটৰ ভিতৰতে ফলাফল প্ৰদান কৰা এই আহিলাবিধে কেঁচা আৰু শুকান দুয়োধৰণৰ পাততেই কীটনাশকৰ উপস্থিতি ধৰা পেলাব পাৰে ৷ সকলোধৰণৰ লোকেই ব্যৱহাৰ কৰিব পৰা আহিলা বিধে কেৱল উপস্থিতিৰ কথাহে ক’ব পাৰে , পৰিমাণ নহয় ৷
✍️ ভাৰতৰ তিনিখন নতুন ৰামচাৰ ক্ষেত্ৰ ঘোষণা :
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আগষ্ট মাহৰ প্ৰথম ভাগত তামিলনাডুৰ নানজাৰায়ন পক্ষী উদ্যান আৰু কাজুভেলী পক্ষী উদ্যানক তথা মধ্যপ্ৰদেশৰ তাৱা জলধাৰক ৰামচাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে ৷ ১৯৭১ চনৰ ৰামচাৰ সন্মিলনত স্বাক্ষৰিত চুক্তি অনুসৰি আন্ত:ৰাষ্ট্ৰীভাবে গুৰুত্ব থকা জলাশয় সমূহক ৰামচাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় ৷ বৰ্তমান আমাৰ দেশত ১৩৫৮০৬৮ হেক্টৰ এলেকা সামৰি ৮৫ খন ৰামচাৰ ক্ষেত্ৰ আছে ৷
এই সংখ্যাৰ সম্পাদনাত
তুষাৰ ৰঞ্জন কাশ্যপ , ধ্ৰুবজ্যোতি কাকতি, সবুজ শইকীয়া
সদস্য
তুষাৰ ৰঞ্জন কাশ্যপ , সবুজ শইকীয়া , বিতোপন দাস, ৰক্তিম বৰুৱা, জগত জ্যোতি বৰুৱা, ধীৰাজ শইকীয়া, গৌৰৱ শইকীয়া, অৰিন্দম খনিকৰ, ধ্ৰুবজ্যোতি কাকতি, ইমৰান হুছেইন , মানস প্ৰতিম দত্ত, নিহাল গগৈ
সম্পাদক
ধ্ৰুবজ্যোতি কাকতি
© Haritkona II হৰিৎকণা
Comments